ৰূপহীহাট, 16 ছেপ্তেম্বৰ: নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়া ধিং বৰি চাপৰিত মঙলবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ুক সাৱটিলে এটা বন্যহস্তীয়ে ৷ ভূ-পৃষ্ঠৰ পৰা সামান্য ওপৰত থকা 11 KV ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লগাৰ ফলতেই সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এইয়া কোনো নতুন বিষয় নহয় ৷ পূৰ্বেও সেই অঞ্চলৰ অন্য প্ৰান্তত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ কিন্তু তাৰ পাচতো সচেতন নহ'ল বিভাগীয় কৰ্তৃপক্ষ ৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই বন্যহস্তীটোৱে মত্যুক সাৱটিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷
ৰূপহীহাটত বিদ্যুৎ্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু - বন্যহস্তীৰ মৃত্যু
11 KV ৰ উচ্চ ক্ষমতাসম্পন্ন তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মঙলবাৰে নিশা এটা বন্যহস্তীয়ে মৃত্যুক সাৱটি লয় ৷ নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়া ধিং বৰি চাপৰিত সংঘটিত হৈছে এই ঘটনা ৷
বিদ্যুৎ্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু
উল্লেখ্যে যে, নিশা লাওখোৱা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত আহিছিল 6 জনীয়া এটা বন্যহস্তীৰ জাক ৷ কিন্তু 11 KV ৰ উচ্চ ক্ষমতাসম্পন্ন তাঁৰ মাটিৰ পৰা নিচেই কাষতে ওলমি থকাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ কণমানি বন্যহস্তীটোৱে মত্যুক সাৱটিব লগীয়া হয় বুলি জানিব পৰা গৈছে ৷ বিদ্যুৎস্পৃষ্ট হৈ বিগত দুবছৰত চাৰিটাকৈ বনৰীয়া হাতীৰ মৃত্য হোৱা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ৷
লগতে পঢ়ক:জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত