চামগুৰি,28 নৱেম্বৰ : হস্তী-মানৱৰ সংঘাতৰ বিপৰীতে এইবাৰ দেখা গৈছে জাক জাক বন্যহস্তীৰ জল ক্ৰিয়াৰ এক নান্দনিক দৃশ্য ৷ নিশা হ’লেই নগাঁৱৰ বঢ়মপুৰ,বামুনী,হাতিখুলি আৰু কন্দলীৰ বৃহত্তৰ পথাৰলৈ অহা জাক জাক হাতীক এইবাৰ দেখা গৈছে অন্য এক ৰূপত ৷ পথাৰৰ চাৰিওফালে বন্যহস্তীৰ চিঞৰ শুনাৰ বিপৰীতে হাতীবোৰক গা ধুই থকা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে,নগাঁৱৰ এই অঞ্চলসমূহত প্ৰায় প্ৰতিদিনেই বন্য়হস্তীৰ তাণ্ডৱ দেখা যায় ৷ নিশা হ’লেই এই বৃহত্তৰ অঞ্চলসমূহৰ ৰাইজ আৰু বন বিভাগ হাতীৰ বৃহৎ বৃহৎ জাক খেদাত ব্যস্ত হৈ পৰে ৷