অসম

assam

ETV Bharat / state

কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে ? - বিজেপিত যোগদান

অসমত বিজেপি চৰকাৰৰ ৰিজাল্ট ভাল বুলি মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ একালৰ সতীৰ্থ ৰকিবুল হুছেইনে কেতিয়া যোগদান কৰিব বিজেপিত সেয়াও নিজ মুখেৰে ক'লে ৰকিবুল হুছেইনে ।

Nagaon
কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে

By

Published : Nov 11, 2021, 4:37 PM IST

Updated : Nov 11, 2021, 5:29 PM IST

নগাঁও,১১ নৱেম্বৰ :মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি সঁচাকৈয়ে নৰম হৈছে নেকি প্ৰাক্তন মন্ত্ৰী তথা একালৰ অতি ঘনিষ্ঠ সতীৰ্থ ৰকিবুল হুছেইন । বুধবাৰে নিশা গৃহ সমষ্টি চামগুৰিত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । কেন্দ্ৰৰ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি অসমত বিজেপিৰ চাৰিমহীয়া চৰকাৰৰ ৰিজাল্ট ভাল বুলি মন্তব্য কৰিলে ৰকিবুল হুছেইনে ।

ইপিনে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে বিজেপত কেতিয়া যোগদান কৰিব এই বিষয়টোক লৈয়ো সৰ্বত্ৰে চর্চা অব্যাহত থকাৰ সময়তে এইবাৰ বিজেপিত যোগদান সন্দৰ্ভত নিজ মুখেৰেই মন্তব্য কৰিলে ৰকিবুল হুছেইনে । সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনে কয় যে গছত যেতিয়া গৰু উঠিব তেতিয়াই ৰকিবুল হুছেইনে বিজেপিত যোগদান কৰিব । লগতে এতিয়া গছত গৰু উঠিছে নেকি বুলিও সাংবাদিকক প্ৰশ্ন কৰে ৰকিবুল হুছেইনে ।

কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে ?

অসমত যেতিয়া বিজেপিৰ মাত্ৰ পাঁচজন বিধায়ক আছিল সেই সময়ত ৰাইজে কংগ্ৰেছক বেয়া পাই হে বিজেপি চৰকাৰক আঁকোৱালি লৈছিল বুলি একপ্ৰকাৰ অকপটে স্বীকাৰ কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

তেওঁৰ মতে সমগ্ৰ দেশত এতিয়া বিজেপিৰ বিৰুদ্ধে বতাহ বলিছে । অসমত বিজেপিৰ চাৰিমহীয়া চৰকাৰৰ ৰিজাল্ট ভাল বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে অৱশ্যে ডেৰ-দুই বছৰৰ পাছতহে অসম চৰকাৰৰ ফলাফল নিৰ্ণয় হ'ব । ভাৰতত বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ কংগ্ৰেছেই একমাত্ৰ দল বুলি দাবী কৰে ৰকিবুল হুছেইনে । আনহাতে চৰকাৰক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে বিজেপি চৰকাৰে ড্ৰাগছ (Drugs) মুক্ত কৰি মদ্যপান কৰিবলৈ ৰাইজক উৎসাহ যোগাইছে ।

লগতে পঢ়ক :উপ নিৰ্বাচনৰ ফলাফলে ঘূৰাইছে ৰাজনীতিৰ চকৰি...

Last Updated : Nov 11, 2021, 5:29 PM IST

ABOUT THE AUTHOR

...view details