কলিয়াবৰ,21 নৱেম্বৰ :কলিয়াবৰৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত বিৰাজ কৰিছে শীতল যুদ্ধই ৷ যোৱা ৬ নৱেম্বৰত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে সমগ্ৰ জিলা খনতে জাৰি কৰিছিল ১৪৪ ধাৰা । এই নিৰ্দেশনাৰ ভিত্তিত কলিয়াবৰ মহকুমা প্ৰশাসনেও বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ লগতে শিলঘাটস্থিত অসম সমবায় মৰাপাট কললৈ এক নিৰ্দেশনা প্ৰেৰণ কৰে । নিৰ্দেশনাটোত কল চৌহদৰ বাহিৰত ১৪৪ ধাৰা প্ৰয়োগ হোৱাৰ কথা কোৱা হৈছিল যদিও কলটোৰ পৰিচালন সঞ্চালক গৰাকীয়ে কলটোৰ বাহিৰে ভিতৰে ১৪৪ ধাৰা জাৰি হোৱা বুলি এক জাননী জাৰি কৰে ৷ ইয়াৰে পাচতে কলটোৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ কলিয়াবৰতে তোলপাৰ । বিষয়টো সন্দৰ্ভত কলিয়াবৰৰ মহকুমাধিপতিগৰাকীয়ে মৰাপাট কল কৰ্তৃপক্ষৰ ১৪৪ ধাৰা সম্পৰ্কত সঠিক ধাৰণা নথকা বুলি মন্তব্য কৰে ৷
শিলঘাটৰ অসম সমবায় মৰাপাট কলত কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত শীতল যুদ্ধ - ১৪৪ ধাৰা সম্পৰ্কত সঠিক ধাৰণা
শিলঘাটত অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰী আৰু পৰিচালন সঞ্চালকৰ মাজত বিৰাজ কৰিছে শীতল যুদ্ধই ৷ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা অন্য ধৰণে দাঙি ধৰাৰ অভিযোগ পৰিচালন সঞ্চালকৰ বিৰুদ্ধে ৷
অসম সমবায় মৰাপাট কল প্ৰতিষ্ঠান
ইপিনে, সমগ্ৰ বিষয়টো সন্দৰ্ভত মৰাপাট কল কৰ্তৃপক্ষৰ ওচৰত ক্ষমা বিচাৰে পৰিচালন সঞ্চালকগৰাকীয়ে ৷ লগতে প্ৰশাসনৰ সৈতে আলোচনা মৰ্মে শুধৰণি কৰে ৷ কিন্তু ইয়াৰ অন্তৰালত কলটোত অৰাজকতাৰ সৃষ্টি কৰাৰ বাবে একাংশই ষড়যন্ত্ৰ ৰচিছে বুলি শ্ৰমিক পক্ষই সন্দেহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :কলাক্ষেত্ৰত জন্ম দিয়া হ'ল অগপৰ ছাত্ৰ সংগঠন 'অসম ছাত্ৰ পৰিষদ'