কলিয়াবৰ, 2 জানুৱাৰী: সাংবাদিকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানি বছৰৰ প্ৰথম দিনাই ৰঙাঘৰৰ আলহী হ’ল দুই ৱেব পৰ্টেলৰ সাংবাদিক (Web portal reporter arrested in Tezpur) ৷ সুৰাৰ ৰাগীত মাতাল হৈ বনভোজ খাবলৈ অহা যুৱতীৰ গাত হাত দি আৰু বাহন ভাঙি চূড়ান্ত অসভ্যালি কৰা কলিয়াবৰৰ দুই ৱেব পৰ্টেলৰ সাংবাদিকক আটক কৰিলে তেজপুৰ আৰক্ষীয়ে (Reporter arrested for assaulting woman) ৷ ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে আটক কৰিলে কলিয়াবৰৰ স্বয়ম্ভূ সাংবাদিক অনুপ বৰা আৰু বিমান বৰুৱাক ৷
উল্লেখ্য যে, বনভোজ খাবলৈ অহা এগৰাকী যুৱতীক তথাকথিত সাংবাদিকদ্বয়ে সুৰাপান কৰি অশালীন ব্যৱহাৰ কৰিছিল ৷ কেৱল অশালীন ব্যৱহাৰেই নহয়, যুৱতীগৰাকীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা কৰিছিল ৱেব পৰ্টেলৰ সাংবাদিক অনুপ বৰা আৰু বিমান বৰুৱাই ৷ সমান্তৰালভাৱে, এখন বাহনতো শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰে দুই স্বয়ম্ভূ সাংবাদিকে ৷
ঘটনা অনুসৰি, প্ৰথমাৱস্থাত বনভোজকাৰী এটা দলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল এই দুই পাবত গজা সাংবাদিক ৷ ইয়াৰ পিছতেই বনভোজলৈ যোৱা দলটোক আবদ্ধ কৰি ৰাখি অশালীন গালি-গালাজ কৰাৰ লগতে দলটোৰ এগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা কৰে ৷ ইয়াৰ পিছতেই দলটোৰ এখন বাহনৰ ক্ষতি সাধন কৰে দুই সাংবাদিকে ৷
ইমানতে ক্ষান্ত নাথাকি সুৰাৰ ৰাগীত মাতাল দুই পাবত গজা স্বয়ম্ভূ সাংবাদিকে দলটোক গুলীয়াই দিয়াৰো ভাবুকি প্ৰদান কৰে ৷ এই ঘটনাৰ পিছতে দুয়োৰে বিৰুদ্ধে ভুক্তভোগীয়ে আৰক্ষীক দাখিল কৰে এজাহাৰ (FIR against web portal reporter) ৷ এজাহাৰৰ ভিত্তিতেই দুয়োকে সোধা-পোছাৰ বাবে আটক কৰে তেজপুৰ আৰক্ষীয়ে ৷