অসম

assam

কামপুৰৰ বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃষকৰ মাজত

কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই চাৰিখনকৈ গেটৰে পানী এৰাৰ ফলত শনিবাৰে নিশা কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও প্লাৱিত হৈ পৰে পুনৰবাৰৰ বাবে ৷

By

Published : Jun 8, 2020, 3:33 PM IST

Published : Jun 8, 2020, 3:33 PM IST

ETV Bharat / state

কামপুৰৰ বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃষকৰ মাজত

untimely flood effected cultivators of kampur
untimely flood effected cultivators of kampur

বঢ়মপুৰ, 8 জুনঃকামপুৰৰ বানে অঞ্চলটোৰ কৃষকৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ বানৰ ফলত এতিয়া পানীৰ তলত বুৰ যোৱাৰ বাবে কৃষকে কাটিবলগীয়া হৈছে বৰো ধানৰ খেতি ৷ কলৰ ভুৰ সাজি নিজৰ কষ্টৰ ফচল চপাবলগীয়াত পৰিছে ভুক্তভোগী কৃষকে ৷

কামপুৰৰ বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃষকৰ মাজত

বিগত 10 দিন পানীৰ তলত থকা ধান সমূহ গেলি পচি গজালি মেলাত এতিয়া দিকবিদিক হেৰুৱাইছে সাধাৰণ কৃষকে ৷ কপিলীৰ পানী কিছু কমিছিল যদিও, কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পুনৰবাৰ বৰপানী নৈৰ বাঢ়নী পানী ভগ্ন মাথাউৰিৰে অঞ্চলটোত সোমোৱাৰ বাবে জলমগ্ন হৈ পৰে বিঘাই বিঘাই কৃষিভূমি ৷

লগতে পঢ়কঃকামপুৰত বানৰ সংহাৰী ৰূপ

ABOUT THE AUTHOR

...view details