অসম

assam

ETV Bharat / state

বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চৰ ফেচবুক পেজত বিতৰ্কিত মন্তব্য় কৰা দুজনক গ্ৰেপ্তাৰ - facebook

অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ বিতৰ্কিত ফেচবুক পেজটো শনিবাৰে ফেচবুক কৰ্তৃপক্ষই ব্লক কৰি দিয়াৰ পাচতেই এই পেজটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ।

বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চৰ ফেচবুক পেজত বিতৰ্কিত মন্তব্য় কৰা দুজনক গ্ৰেপ্তাৰ

By

Published : Jun 16, 2019, 4:50 AM IST

নগাঁও,16 জুন: নগাঁও আৰক্ষীৰ সফলতা । বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ নামৰ ফেচবুক পেজত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ । অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ বিতৰ্কিত ফেচবুক পেজটো শনিবাৰে ফেচবুক কৰ্তৃপক্ষই ব্লক কৰি দিয়াৰ পাচতেই এই পেজটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আটকাধীন যুৱক দুজন হৈছে আব্দুল মতিন আৰু আমিৰ খুচৰু ৷ আমিৰ খুচৰুকক বিশ্বনাথৰ পৰা আৰু আব্দুল মতিনক কামৰূপ জিলাৰ পৰা কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে । আমিৰ খুচৰু NEMSU (North East Minority Students Union), বিশ্বনাথৰ জনসম্পৰ্ক ৰক্ষী সম্পাদক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ এই ফেচবুক পেজটোত দীৰ্ঘদিন ধৰি অতি সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্যৰে সমাজক অশান্ত কৰাৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ চেষ্টা চলাই আছিল । "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ ফেচবুক পেজত অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰা সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ বাবে ১৩ জুনত বটদ্ৰৱা আৰক্ষী থানা আৰু নগাঁৱত পৃথকে পৃথকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দাখিল কৰিছিল এজাহাৰ । অৱশেষত নগাঁও আৰক্ষী অধীক্ষকৰ নেতৃত্বত এই দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

ABOUT THE AUTHOR

...view details