বঢ়মপুৰ, ১৬ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ (Drugs) বিৰোধী অভিযান । ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰিবলৈ বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । বহু ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler) ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ । লগতে লাখ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ।
নগাঁৱৰ শিমলুগুৰিত হেৰ'ইনসহ দুজন আটক ইয়াৰ মাজতে নগাঁও আৰক্ষীও এই ক্ষেত্ৰত যথেষ্ট সষ্টম দেখিবলৈ পোৱা গৈছে । নগাঁও আৰক্ষীয়ে ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । এইবাৰ পুনৰ জিলাখনৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰিতো হেৰ'ইনসহ দুজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
নগাঁৱৰ শিমলুগুৰিত হেৰ'ইনসহ দুজন লোক আটক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এন্টি নাৰ্কটিক স্কোৱাডৰ (Anti Narcotics Squad) এটা দলে অভিযান চলাই চাৰি পেকেট হেৰ'ইনসহ আব্দুল আজিছ আৰু আবুল হুছেইন নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘদিন ধৰি কচুৱা শিমলুগুৰি অঞ্চলত ড্ৰাগছৰ বেহা চলাই আহিছিল ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় এই দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷
আৰক্ষীয়ে জব্দ কৰা ৩৫.৮৫ গ্ৰামৰ হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । ইফালে সৰবৰাহকাৰী দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে জিলাখনৰ কেইবাটাও স্থানত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । সেয়ে অতি শীঘ্ৰে সেইবোৰ স্থানটো অভিযান চলাব আৰক্ষীয়ে ।
লগতে পঢ়ক :UPRF কেডাৰৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা