নগাঁও, ৫ জানুৱাৰী : নগাঁও জিলাৰ জখলাবন্ধাত এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী কৰ্মচাৰীৰ আচৰিত কাণ্ড । চৰকাৰী নীতি নিৰ্দেশনা ভংগ কৰা চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে সৰৱ হৈছে বন বিভাগ । কৰ্মচাৰীজনে চৰকাৰী অনুমতি অবিহনে গছ কটাক লৈ অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাৰ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত ভূমিৰ তিনি জোপাকৈ প্ৰকাণ্ড গছ কটাৰ অভিযোগ উঠিছে বিভাগটোৰ কৰ্মচাৰী মাণিক শইকীয়াৰ বিৰুদ্ধে । বন বিভাগক নজনোৱাকৈ নিজ কন্য়াৰ বিয়াৰ যৌতুকৰ আচবাব তৈয়াৰ কৰিবলৈ এই গছ কটাৰ তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে বিভিন্নজনে । এজোপা প্ৰকাণ্ড চেগুন আৰু দুজোপা গমাৰী গছ কটাৰ খবৰ লাভ কৰাৰ লগে লগেই উক্ত স্থানত জখলাবন্ধা বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
নগাঁওত চৰকাৰী কৰ্মচাৰীৰ আজৱ কাণ্ড - জখলাবন্ধাত
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত ভূমিৰ তিনি জোপাকৈ প্ৰকাণ্ড গছ কটাৰ অভিযোগ উঠিছে বিভাগটোৰ কৰ্মচাৰী মাণিক শইকীয়াৰ বিৰুদ্ধে । উক্ত স্থানত জখলাবন্ধা বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী কৰ্মচাৰীৰ আচৰিত কাণ্ড
Last Updated : Jan 5, 2021, 6:33 PM IST