অসম

assam

ETV Bharat / state

বিদেশী পৰ্যটকেৰে মত বিনিময় কলিয়াবৰৰ ছাত্ৰ-ছাত্ৰীৰ - কলিয়াবৰৰ শিলঘাট

কলিয়াবৰৰ শিলঘাটত অসম ভ্ৰমণকাৰী বিদেশী পৰ্যটকৰ সৈতে বিলাসী জাহাজত মত বিনিময় বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ৷ যোৱা এসপ্তাহ ধৰি 28 জনীয়া এটি বিদেশী পৰ্যটকৰ দল এটাই সোমবাৰে ব্ৰহ্মপুত্ৰ নদীত অসম-বেংগল জল-পৰিবহনৰ জৰিয়তে বিলাসী জাহাজ চৰাইদেউ-2 ত 72 জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৰে মত-বিনিময় কৰে ৷

Tourists from Abroad Interact Students at Kaliabor
বিদেশী পৰ্যটকেৰে মত বিনিময় কলিয়াবৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

By

Published : Feb 24, 2020, 11:44 PM IST

কলিয়াবৰ, 24 ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক শিক্ষাৰ অংশ হিচাপে পৰিপুষ্ট হ’ল এক বিৰল অভিজ্ঞতাৰে ৷ কলিয়াবৰৰ শিলঘাটত অসম ভ্ৰমণকাৰী বিদেশী পৰ্যটকৰ সৈতে বিলাসী জাহাজত মত বিনিময় বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ৷ যোৱা এসপ্তাহ ধৰি 28 জনীয়া এটি বিদেশী পৰ্যটকৰ দল এটাই সোমবাৰে ব্ৰহ্মপুত্ৰ নদীত অসম-বেংগল জল-পৰিবহনৰ জৰিয়তে বিলাসী জাহাজ চৰাইদেউ-2 ত 72 জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৰে মত-বিনিময় কৰে ৷ বিদেশী পৰ্যটকৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ অন্তত নিজৰ ওভতনি যাত্ৰাৰ প্ৰাকমুহূৰ্তত শিক্ষা তথা বিভিন্ন আনুষংগিক বিষয় সম্পৰ্কত এই মত-বিনিময় কৰে ৷

বিদেশী পৰ্যটকেৰে মত বিনিময় কলিয়াবৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি বিদেশী পৰ্যটকৰ দলটো আপ্লুত হৈ পৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰিয় বিষয়, ভৱিষ্যতৰ লক্ষ্য তথা অসমৰ আন আন বিষয় সম্পৰ্কে জনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ শিকা আৰু জনাৰ প্ৰতি আগ্ৰহৰ লগতে মত-বিনিময়ৰ ব্যৱহাৰিক দক্ষতাক ভূয়সী প্ৰসংশা কৰে দলটোয়ে ৷ শ্ৰেণীকোঠাৰ শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰ বাবে এনে শৈক্ষিক কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ বিশেষ উপকাৰ সাধন কৰিব বুলি দলটোৰ সদস্যই মত প্ৰকাশ কৰে ৷ আনহাতে অসমৰ গাঁও অঞ্চলত স্নাতকোত্তৰ পৰ্য‍ায়লৈকে শিক্ষা গ্ৰহণৰ ব্যৱস্থাৰ বিষয়ে জানি অভিভূত হৈ পৰে দলটোৰ কেইবাগৰাকীও বয়োজেষ্ঠ সদস্যই ৷ ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ লগতে দলটোৰ তত্বাবধায়ক শিক্ষকক এনে কাৰ্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে পৰ্যটকৰ দলটোৱে ৷ ছাত্ৰ-ছাত্ৰীসকলক লগ পায় পৰ্যটকৰ দলটোৱে নিজৰ ছাত্ৰ জীৱনৰ ৰোমন্থন কৰে ৷ এই মত-বিনিময়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যৎ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব বুলি উল্লেখ কৰে তত্বৱধায়ক শিক্ষকসকলে ৷

আৰু পঢ়কঃডিফু নদীত আৱৰ্জনা পেলোৱা 5 খনকৈ দোকানত তলা ডিফু পৌৰ নিগমৰ

ABOUT THE AUTHOR

...view details