অসম

assam

By

Published : Nov 23, 2020, 2:26 PM IST

ETV Bharat / state

কলিয়াবৰ পৰ্যটনৰ ক্ষেত্ৰত প্ৰশিক্ষণ শিৱিৰ স্থাপন কৰিছে টুৰিষ্ট গাইডে

কলিয়াবৰত ট‍ুৰিষ্ট গাইড কৰ্মশালাৰ আয়োজন ৷ কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছৰ ব্যৱস্থাপনাৰে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু কাৰ্বি জনজাতীয় খাদ্য সম্ভাৰৰ অনুপম চোৰান এহেমৰ সহযোগত অনুষ্ঠিত হয় এই কৰ্মশালা শিৱিৰ ৷ পৰ্য‍টন উদ‍্যোগত টুৰিষ্ট গাইডৰ গুৰুত্ব আৰু ইয়াৰ ব‍্যৱহাৰিক দিশসমূহৰ পৰিচয় কৰাই দিয়াৰ উদ্দেশ‍্যে আয়োজন কৰা হৈছে এই কৰ্মশালা ৷

Tourist Guide Training camp
প্ৰশিক্ষণ শিৱিৰ স্থাপন

কলিয়াবৰ,23 নৱেম্বৰ : নগাঁৱৰ কলিয়াবৰ পৰ্য‍টনৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ গ্ৰহণ ৷ আকৰ্ষণীয়,প্ৰাকৃতিক,ঐতিহাসিক,সাংস্কৃতিক সম্ভাৰেৰে পৰিপূৰ্ণ সম্ভাৰসমূহক পৰ্য‍টকৰ কাষ চপাই নিয়াতো অত্যন্ত‍ জৰুৰী। এই যোগসূত্ৰ স্থাপন কৰিছে এক টুৰিষ্ট গাইডে ।

প্ৰশিক্ষণ শিৱিৰ স্থাপন

পৰ্য‍টন উদ‍্যোগত টুৰিষ্ট গাইডৰ গুৰুত্ব আৰু ইয়াৰ ব‍্যৱহাৰিক দিশসমূহৰ পৰিচয় কৰাই দিয়াৰ উদ্দেশ‍্যে দেওবাৰে কলিয়াবৰত এক টুৰিষ্ট গাইড প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হয় । কলিয়াবৰত পৰ্য‍টকৰ সুবিধাৰ্থে গঢ় লৈ উঠা কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছৰ ব্যৱস্থাপনাৰে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু কাৰ্বি জনজাতীয় খাদ্য সম্ভাৰৰ অনুপম ‘চোৰান এহেম’ৰ সহযোগত এই শিৱিৰ অনুষ্ঠিত হয় ৷

সেউজীয়াৰ মাজত আৰু মুকলি আকাশৰ তলত অনুষ্ঠিত এই শিৱিৰত অংশগ্ৰহণ কৰে কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰ্য‍টন প্ৰৱন্ধন বিভাগৰ সহযোগী অধ‍্যাপক আছিফ আহমেদ আৰু ৰয়েল গ্ল’ৱেল ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ সহযোগী অধ‍্যাপক দেৱপ্ৰতীম ভৰালীয়ে ।

শিৱিৰটোত উপস্থিত থাকি কলিয়াবৰ পৰ্য‍টনৰ উন্নয়নত মুখ‍্য ভূমিকা লোৱা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে কলিয়াবৰৰ পৰ্য‍টনত নিয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে ব‍্যাখ‍্যা কৰে । আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে কলিয়াবৰ ট্যুৰ এণ্ড ট্ৰেভেলছৰ বিষয়ববীয়া জয়ন্ত কুমাৰ শৰ্মাই ।

লগতে পঢ়ক :লক ডাউনে সলনি কৰিলে টিংখাঙৰ এগৰাকী অভিনেত্ৰীৰ জীৱন

ABOUT THE AUTHOR

...view details