কলঙৰ বাঢ়নী পানীয়ে ছিঙিলে মিলনপুৰৰ গড়কাপ্তানী পথ
হঠাৎ উফন্দি উঠিছে নগাঁৱৰ কলং । কলঙৰ বাঢ়নী পানীয়ে ছিঙিলে নগাঁও চহৰৰ মিলনপুৰ গড়কাপ্তানী পথ । যাৰবাবে এতিয়া বানৰ আতংকত নগাঁও চহৰবাসী(Flood water breaks the road in Nagaon) । কলঙৰ পাৰৰ বহু বাসগৃহ ইতিমধ্যেই জলমগ্ন হৈছে কলঙৰ বাঢ়নী পানীত(Flood in Nagaon) । প্ৰশাসনে বন্ধ কৰি দিছে মিলনপুৰ, মধুপুৰৰ পথেৰে যাতায়ত(Flood Situation in Assam) ৷
প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান
দিল্লী অভিমূখে ৰাওনা হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিমান প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হয় (Rajnath Singhs flight diverted) ৷ বদোদৰাত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জনসমাৱেশত বক্তৃতা প্ৰদান কৰাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী পুনৰ দিল্লীলৈ ৰাওনা হৈছিল ৷
প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ অসুস্থতাৰ খবৰ ল’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে
ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই শুকুৰবাৰে পৰিদৰ্শন কৰে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH) ৷ চিকিৎসালয়খনত ভৰ্তি হৈ থকা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত(Tripura CM visits hospital to check ailing former Health Minister) হয় ৷
Sheena Bora Murder Case :6 বছৰৰ পাছত মুক্ত আকাশৰ তলত ইন্দ্ৰাণী
দেশজুৰি চৰ্চা লাভ কৰা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে ২০১৫ চনৰে পৰা কাৰগাৰত বন্দী হৈ থকাৰ পাছত শুকুৰবাৰে বাইকুল্লা কাৰাগাৰৰ পৰা ওলাই আহে (Indrani Mukherjea released from Byculla jail)। শেহতীয়াকৈ ইন্দ্ৰাণীয়ে দাবী কৰিছিল যে তেওঁৰ কন্যা শ্বীনা বৰা এতিয়াও জীয়াই আছে ।
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ
এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছে । অভিযোগ অনুসৰি, এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাই (case against Pratik Hajela) বিশেষ ছফটৱেৰৰ জৰিয়তে এন আৰ চিত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিছিল ।