ৰহা,1আগষ্ট : ৰহাৰ টোলগেট খুলিব দিয়া নহব-এই হুংকাৰ কৃষক মুক্তিৰ ৷ পূৰ্বেও দুবাৰকৈ ৰাজ্য চৰকাৰে খুলিছিল এই টোলগেটখন ৷ কিন্তু পুনৰবাৰ ৰহাৰ এই টোলগেটখন ৰাজ্য চৰকাৰে খুলিবলৈ লোৱা সিদ্ধান্তক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সৰ্বত্ৰে ৷ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী,গাড়ী চালক সকলোৱেই চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এইয়া সাধাৰণ জনতাৰ ওপৰত চৰকাৰৰ শোষণ বুলিহে মন্তব্য কৰিছে বহুজনে ৷ বৰ্তমান হৈ থকা সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰাৰ সময়ত,এই টোলগেটখন খোলাৰ পাছত পুনৰ বস্তুৰ মূল্যবৃদ্ধি তথা যান-বাহনৰ পৰা ভাড়া বৃদ্ধি হোৱাৰ আশংকাও প্ৰকাশ কৰে বহুজনে ৷
উত্তপ্ত ৰহা : বিষয় টোলগেট - কৃষক মুক্তি সংগ্ৰাম সমিতি
ৰহাৰ টোলগেট ৰাজ্য চৰকাৰে খুলিব নোৱাৰিব বুলি হুংকাৰ কৃষক মুক্তিৰ ৷ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী,গাড়ী চালক সকলোৱে টোলগেট সন্দৰ্ভত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷
উত্তপ্ত ৰহা
উল্লেখযোগ্য যে ২০১৫ চনৰ ১৪ এপ্ৰিলত প্ৰথমে এই টোলগেট প্ৰথম খোলাৰ লগতে দ্বিতীয়বাৰ ২০১৮ চনৰ ১২ জুলাইত নতুন দিল্লীৰ ইণ্ডাৰদ্বীপ নামৰ এটা প্ৰতিষ্ঠানে এই টোলগেটত কৰ সংগ্ৰহ কৰিছিল যদিও ৰাইজ তথা বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ বাবে চৰকাৰে বন্ধ কৰিবলৈ বাধ্য হৈছিল টোলগেটখন ৷