বঢ়মপুৰ,6 মাৰ্চ:নগাঁও জিলাৰ কঠিয়াতলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে মধ্য অসমৰ তিৱা সকলৰ ছগ্ৰা পূজা । বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা এই ছগ্ৰা পূজা শনিবাৰে অন্ত পৰে ৷ এই ছগ্ৰা পূজাৰ এক বিশেষত্ব আছে । পূজা চলি থকা সময়চোৱাত কঠিয়াতলীৰ এই তিৱা গাঁৱকেইখনত তিৱা সকলৰ ৰাজত্ব চলে । পূজা চলি থকা সময়ত কোনো ব্যক্তিয়ে জোতা-চেণ্ডেল, লংপেণ্ট পিন্ধি গাঁৱকেইখনত প্ৰৱেশ কৰিব নোৱাৰিব ৷ তদুপৰি গাড়ী-মটৰ, চাইকেল আদিও নিষিদ্ধ কৰিছে পূজাৰ সময়চোৱাত ৷ লক্ষণীয়ভাৱে সামাজিক নীতি-নিয়ম নামানি যদি কোনো লোকে গাঁৱখনত প্ৰৱেশ কৰে তেনেহ'লে সন্মুখীন হ'ব লাগিব চৰম শাস্তিৰ ।
সামৰণি পৰিল তিৱা সকলৰ ছগ্ৰা পূজাৰ - ছগ্ৰা পূজা
নগাঁও জিলাৰ কঠিয়াতলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে মধ্য অসমৰ তিৱাসকলৰ ছগ্ৰা পূজা । বুধবাৰৰ পৰা অনুষ্ঠিত হৈ থকা এই ছগ্ৰা পূজাৰ এক বিশেষত্ব আছে । পূজা চলি থকা সময়চোৱাত কঠিয়াতলীৰ তিৱা গাঁওসমূহত তিৱা সকলৰ ৰাজত্ব চলে । পূজা চলি থকা সময়ত কোনো ব্যক্তিয়ে জোতা-চেণ্ডেল, লংপেণ্ট পিন্ধি গাঁৱকেইখনত প্ৰৱেশ কৰিব নোৱাৰিব ৷ তদুপৰি গাড়ী-মটৰ, চাইকেল আদিও নিষিদ্ধ কৰিছে পূজাৰ সময়চোৱাত ৷
উল্লেখযোগ্য যে, এই নিয়ম অমান্য কৰি আনকি সাংবাদিক, আৰক্ষী, মন্ত্ৰী-বিধায়কো প্ৰৱেশ কৰিব নোৱাৰে পূজাত । অৱশ্যে পূজাস্থলীলৈ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে সকলোৱে যাব পাৰে ৷ পূজাস্থলীত নীতি-নিয়ম অমান্য কৰাসকলক শাস্তি দিবৰ কাৰণে চিপাহীৰ পৰা DIG লৈকে নিজা আৰক্ষী বাহিনীক দায়িত্ব দিয়া থাকে । নিয়ম অমান্য কৰা সকলক ৰছীৰে বান্ধি বৰঘৰত বহি থকা শীৰ্ষ পদবীৰ ব্যক্তিৰ হাতত গতাই দিয়ে । বৰঘৰৰ মুৰব্বীসকলৰ সিদ্ধান্ত অনুসৰি নীতি-নিয়ম অমান্য কৰা সকলক শাস্তি প্ৰদান কৰা হয় ৷ মূলতঃ বসন্ত আৰু কৃষিকৰ্মক আদৰাৰ লগতে তিৱাসকলৰ নৱ প্ৰজন্মক পৰম্পৰাগত নীতি-নিয়মৰ দোহাই দি জনগোষ্ঠীটোৰ সংস্কৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই ছগ্ৰা পূজা পালন কৰি আহিছে তিৱাসকলে ।