কলিয়াবৰ,১০ ছেপ্টেম্বৰ :এটা ঢেঁকীয়াপতীয়াকলৈ আতংক নগাঁও জিলাৰ কলিয়াবৰত । ঢেঁকীয়াপতীয়াৰ ভয়ত কঁপিছে কলিয়াবৰৰ কুঠৰীৰ বাঘমাৰীৰ ৰাইজ । পুৱাই অঞ্চলটোত এটা ঢেঁকীয়াপতীয়া বাঘে প্ৰৱেশ কৰে । খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) পৰা ওলাই আহি গাঁওখনত সোমাই প্ৰকাণ্ড বাঘটো ।
অৱশ্যে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিয়ে বিপদত পৰিল বনৰজা । মেটেকাৰ ভৰি থকা এটা জলাশয়ত আবদ্ধ হৈ পৰে ঢেঁকীয়াপতীয়াটো । কিছু সময় জলাশয়তে থাকে যদিও পৰৱৰ্তী সময়ত অঞ্চলটোৰ সমীপৰ ঘন হাবিত আশ্ৰয় লয় বাঘটোৱে ।
ইফালে অঞ্চলটোৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, বন বিভাগ (Forest Department), কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন বাঘে আশ্ৰয় লোৱা স্থানত সষ্টম হৈ পৰিছে । কৰ্তৃপক্ষই বাঘটোক সুৰক্ষিতভাৱে ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া ৰমেশ চন্দ্ৰ গগৈয়ে ।