নগাওঁ,12 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত জাঙোৰ খাই উঠিছে ৰাজ্যৰ সকলো দল-সংগঠন ৷ বিজেপিৰ মিত্ৰদল হিচাপে থকা অগপৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল অগপৰ নগাওঁ জিলা সমিতিক ৷ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে নগাঁৱৰ কেব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে দলটোৰ স্থানীয় কৰ্মকৰ্তাসকলে ৷ উক্ত কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে আঞ্চলিক দলটোৰ জিলা সমিতিয়ে । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ বাবে অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগ দাবী কৰে স্থানীয় সমিতিখনে ৷ লগতে অগপৰ তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা,কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ নগাওঁ অগপৰ জিলা সমিতি - ৰাজ্যসভা
কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল অগপৰ নগাওঁ জিলা সমিতিক ৷ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে আঞ্চলিক দলটোৰ জিলা সমিতিয়ে ৷ লগতে অগপৰ তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে সৰৱ নগাওঁ অগপৰ জিলা সমিতি