অসম

assam

By

Published : Jun 30, 2019, 2:15 AM IST

ETV Bharat / state

ধিঙত ৰাইজৰ দ্বাৰা আটক চোৰ

বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি চুৰিকাৰ্যৰে সন্ত্ৰাস চলোৱা নিজাম উদ্দিন নামৰ চোৰটোয়ে চুৰি কৰিবলৈ গৈ অৱশেষত গৃহস্থৰ হাতত ধৰা পৰে ।

ধিঙত ৰাইজৰ দ্বাৰা আটক চোৰ


ধিং,30 জুন: এশ গৰু মাৰিলে বাঘৰো মৰণ । এই কথা প্ৰতিফলিত হ'ল লাহৰীঘাটৰ এটা গভাইত চোৰৰ ক্ষেত্ৰত । বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি চুৰিকাৰ্যৰে সন্ত্ৰাস চলোৱা নিজাম উদ্দিন নামৰ চোৰটোয়ে চুৰি কৰিবলৈ গৈ অৱশেষত গৃহস্থৰ হাতত ধৰা পৰে ।

ধিঙত ৰাইজৰ দ্বাৰা আটক চোৰ

লাহৰীঘাটৰ ধুপগুৰি বজাৰৰ এটা ব্যাৱসায়িক প্ৰতিষ্ঠানৰ পৰা শনিবাৰে সন্ধিয়া চোৰটোৱে এটা লেপটপ লুট কৰি উধাও হৈছিল । নিশা ভূঞাবাৰী পথাৰ গাঁৱৰ আজিজুৰ ৰহমান নামৰ শিক্ষকজনৰ ঘৰত চোৰটো প্ৰবেশ কৰি মোবাইলৰ লগতে টিভিটো লৈ যাব ধৰোতেই গৃহস্থই আগুচি ধৰাত চোৰটোৱে গৃহস্থৰ লগতে তেওঁৰ পত্নীক আক্ৰমণ কৰে । ইফালে ঘটনাৰ খবৰ পাই ওচৰ চুবুৰীয়া লোক গোট খাই চোৰটোক উত্তম মধ্যম দি লাহৰীঘাট আৰক্ষীক গতাই দিয়ে ।

ABOUT THE AUTHOR

...view details