নগাঁও,১ মে': সান্ধ্য আইনকো খাতিৰ নকৰে গভাইত চোৰে । হাজাৰ বাধা থাকিলেও চোৰে নেৰে চুৰিবিদ্যা । নগাঁৱত শুকুৰবাৰে নিশা সংঘটিত চুৰিকাণ্ডই প্ৰমাণিত কৰিলে এই কথা । নগাঁৱৰ হয়বৰগাঁৱস্থিত এডিপি কলেজৰ সন্মুখত থকা চাৰিখনকৈ দোকানত চোৰে চাফাই অভিযান চলায় ।
বৰুণ দাস নামৰ এজন ব্যৱসায়ীৰ কাপোৰৰ দোকানৰ পৰা চোৰে লুটি নিলে প্ৰায় ৩০-৩৫ হাজাৰ টকাৰ শাৰী, ব্লাউজ আদি কাপোৰ । অঞ্চলটোত নিশা আৰক্ষীৰ পেট্ৰ’লিঙৰ ব্যৱস্থা নথকাৰ বাবেই এই চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।