চামগুৰি, 16 ছেপ্তেম্বৰ : নগাঁৱত সংঘটিত হৈছে অঘটন ৷ বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও চহৰৰ মাজমজিয়াত থকা সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা ৷ চোৰে লুটি নিলে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ আলমিৰাৰ পৰা পেড আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰকে ধৰি অন্যান্য সা-সামগ্ৰী ।
বৃহস্পতিবাৰে পুৱতি নিশা হোৱা এই চুৰিকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ নগাঁৱতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৬ টাকৈ কম্পিউটাৰ, এটা টিভি থকাৰ পিছতো দুৰ্বৃত্তৰ দলে কেৱল সন্থাৰ পেড আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC)ৰ নথি-পত্ৰ চুৰি কৰি নিয়া ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে বুলি ছাত্ৰ সন্থাৰ নেতৃত্বই মত পোষণ কৰিছে ।
লগতে পঢ়ক:বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল