কলিয়াবৰ, 7 মে': লক্ ডাউনৰ নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই ৪২ দিন বন্ধ ৰখাৰ পিচত বৃহস্পতিবাৰৰ পৰা পূৰ্ণ গতিত চলিল, কলিয়াবৰ শিলঘাটস্থিত সমবায় খণ্ডৰ একমাত্ৰ উদ্যোগ অসম সমবায় মৰাপাট কল । কলটোৰ প্ৰায় এহেজাৰ শ্ৰমিক তথা বিষয়া-কৰ্মচাৰীয়ে লক্ ডাউনৰ ৪২ দিনৰ বাবদ পাবলগীয়া প্ৰায় দুই কোটি টকাৰ মজুৰি আৰু দৰমহা ত্যাগ কৰি আৰম্ভ কৰিলে মৰাপাট কলটোৰ উৎপাদনৰ কাম ।
42 দিনৰ অন্তত আকৌ পূৰ্ণ গতিত চলিল অসম সমবায় মৰাপাট কল - assam
প্ৰায় এহেজাৰ শ্ৰমিক তথা বিষয়া-কৰ্মচাৰীয়ে লক্ ডাউনৰ ৪২ দিনৰ বাবদ পাবলগীয়া প্ৰায় দুই কোটি টকাৰ মজুৰি আৰু দৰমহা ত্যাগ কৰি আৰম্ভ কৰিলে, শিলঘাটস্থিত সমবায় খণ্ডৰ একমাত্ৰ উদ্যোগ অসম সমবায় মৰাপাট কল ।
অসমৰ অন্যতম লাভজনক উদ্যোগ বুলি চিহ্নিত হৈছে অসম সমবায় মৰাপাট কল, শিলঘাট । নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ বুঢ়া লুইতৰ দাঁতিত ১৯৭১ চনৰ ১৭ জানুৱাৰীত, তদানীন্তন কেন্দ্ৰীয় কৃষি মন্ত্ৰী ফখৰুদ্দিন আহমেদে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰা মৰাপাট কলটোৱে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজি এক সন্তোষজনক স্থিতি লাভ কৰিছে । তাৰ গুৰিতে আছে কলটোৰ পৰিচালন মণ্ডলী, কৰ্তৃপক্ষ, শ্ৰমিক-কৰ্মচাৰী আৰু অংশীদাৰসকলৰ ত্যাগ ।
লক্ ডাউনৰ সময়ছোৱাত কৰ্মকৰ্তাসকল আৰ্থিক সংকটত ভুগিব লগা হৈছে যদিও, মৰাপাট কলটোৰ সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰে মিলি কলটোৰ উত্তৰণত এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ চতুৰ্থ দিনটোৰ পৰা অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য আৰম্ভ হোৱাত, শ্ৰমিক-কৰ্মচাৰীৰ পৰিয়ালে লৈছে স্বস্তিৰ নিস্বাস । অৱশ্যে মৰাপাট কলটোৰ শ্ৰমিক-কৰ্মচাৰীয়ে ত্যাগ কৰা ৪২ দিনৰ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে মৰাপাট কলৰ শ্ৰমিক সন্থাই।
লগতে পঢ়কঃউন্নয়নৰ নমুনাঃ ঠেলাৰে চিকিৎসালয়লৈ গৰ্ভাৱতী মহিলা