নগাওঁ,26ছেপ্টেম্বৰ: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৫৭২ সংখ্যক জন্ম জয়ন্তী । এই জন্ম-জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানতো অনুষ্টুপীয়াকৈ পালন কৰা হয় জন্মজয়ন্তী ।
গুৰুজনাৰ আবিৰ্ভাৱ তিথিত হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান - birth anniversary
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে জন্মস্থান বটদ্ৰৱা থান ৷ কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিবেশৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা এই জন্ম জয়ন্তী ৷
হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান
সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিবেশৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা এই অনুষ্ঠানত পূৰ্বৰ তুলনাত ভক্তৰ সমাগম আনবাৰৰ তুলনাত কম হয় ৷ অঞ্চলবাসীয়ে ক'ভিড প্ৰ'টকলৰ মাজেৰে অনুষ্ঠিত কৰে এই অনুষ্ঠান ৷ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানখনত আজি সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ।
অন্য এক খবৰৰ বাবে: স্থান এৰি মান হেৰুৱালে যতীন বৰাই