নগাঁও,17 ছেপ্তেম্বৰঃবিশ্বকৰ্মা পূজাৰ পুৱাই নগাঁৱৰ চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ২৫ মেগা ভ'ল্ট এম্পিৰাত হোৱা এই অগ্নিকাণ্ডই সমগ্ৰ নগাঁও জিলা প্ৰভাৱান্বিত কৰিব বুলি প্ৰকাশ কৰিছে শক্তি বিভাগে ৷
চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড - প্ৰভাৱান্বিত
নগাঁৱৰ চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ২৫ মেগা ভ'ল্ট এম্পিৰাত হোৱা এই অগ্নিকাণ্ডই বিদ্যুত যোগানৰ ক্ষেত্ৰত সমগ্ৰ নগাঁও জিলাখনকে প্ৰভাৱান্বিত কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে শক্তি বিভাগে ৷
চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড
ইপিনে, বিকল্প ব্যৱস্থা আছে যদিও সমগ্ৰ জিলাখনতে সঘনাই ল'ড চেডিং হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা শক্তি বিভাগৰ তৰফৰ পৰা ব্যক্ত কৰিছে ৷ আনহাতে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শক্তি বিভাগৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলিত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷