চামগুৰি, 6 জুলাই : নগাঁও চহৰৰ হয়বৰগাঁৱত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ হয়বৰগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ পৰা মঙলবাৰে পুৱা প্ৰায় ৮ বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰে কলঙত জাপ দিয়া ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ কিশোৰজন নগাঁও চহৰৰ তেলীয়াপট্টিৰ ৰনী সিং বুলি জানিব পৰা গৈছে ৷ একাংশ লোকে কিশোৰ জনে দলঙৰ পৰা পানীত জাঁপ দিয়া কাৰ্য প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷
প্ৰাপ্ত খবৰ অনুসৰি একাংশ লোকে যুৱকজনে পানীত জাঁপ দিয়া কাৰ্য প্ৰত্যক্ষ কৰি নগাঁও আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল ৷ ইয়াৰ পাছতে SDRFৰ সহযোগত কিশোৰ জনক উদ্ধাৰৰ বাবে অভিযান চলাই আৰক্ষীয়ে ৷ কিন্তু বিয়লি ভাগলৈকে যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল উদ্ধাৰকাৰী দল ৷