অসম

assam

ETV Bharat / state

Tea Workers Protest : আয়ুক্তৰ নিৰ্দেশ স্বত্বেও চাহ শ্ৰমিকে লাভ নকৰিলে প্ৰাপ্য বানচ - tea workers protest

দুৰ্গা পূজাৰ বানচক কেন্দ্ৰ কৰি কলিয়াবৰৰ চিকনী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ নগাঁৱৰ আয়ুক্তৰ নিৰ্দেশৰ পাছতো বহুকেইখন বাগিচা শ্ৰমিকক বানচ দিয়াৰ পৰা বিৰত আছে বাগিচাৰ কৰ্তৃপক্ষ ৷ আয়ুক্তৰ নিৰ্দেশ অমান‍্য কৰাৰ শীৰ্ষত কাঞ্চনজুৰি চাহ বাগিচা ৷

Tea estate Workers Protest in Kaliabor
আয়ুক্তৰ নিৰ্দেশ স্বত্বেও চাহ শ্ৰমিকে লাভ নকৰিলে প্ৰাপ্য বানচ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:32 PM IST

আয়ুক্তৰ নিৰ্দেশ স্বত্বেও চাহ শ্ৰমিকে লাভ নকৰিলে প্ৰাপ্য বানচ

কলিয়াবৰ, 14 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱ দুৱাৰদলিত ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত চাহ শ্ৰমিকক আদায় দিবলগীয়া বানচ প্ৰদান নকৰাৰ বাবেই শুকুৰবাৰে বাগিচা চৌহদ উত্তাল কৰে প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিকে । উল্লেখ্য যে, পূজাৰ বানচৰ বাবে বহু আশাৰে বাট চাই থকা চাহ শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে কলিয়াবৰৰ চিকনী চাহ বাগিচাত‌ ।

20 শতাংশ বোনাছৰ বিপৰীতে 8.8 শতাংশ বানচ দিয়াৰ বাবে বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বাগিচাৰ কাৰ্য‍ালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি 20 শতাংশ বানচ আদায় নিদিলে পৰিৱেশ আৰু অধিক ভয়ানক কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।

বাগিচাৰ কৰ্তৃপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ শ্ৰমিকসকলে ৷ 20 শতাংশ বানচ প্ৰদানৰ দাবীত শ্ৰমিকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ সৈতে হোৱা এক আলোচনাত নগাঁও জিলাৰ 24 খন বৃহৎ চাহ বাগিচাই আগন্তুক দুৰ্গা পূজাৰ প্ৰাকক্ষণত শ্ৰমিকক 20% বানচ প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । সেই মৰ্মে 10 অক্টোবৰ শেষ দিন নিৰ্ধাৰণ কৰি দিয়া হৈছিল ৷ 10 অক্টোবৰৰ দিন নিৰ্ধাৰণ কৰাৰ পিছত 5 খন চাহ বাগিচাইহে শ্ৰমিকক বোনাছ প্ৰদান কৰিলে ৷

19 খন বাগিচা বঞ্চিত হ’ল প্ৰাপ্য মজুৰি লাভৰ পৰা ৷ আনহাতে, কাঞ্চনজুৰি চাহ বাগিচাৰ শ্ৰমিকসকলে কিমান শতাংশ পূজাৰ বানচ লাভ কৰিব সেই সন্দৰ্ভত আজিও অৱগত নহয় ৷ যিহেতু বাগিচাখনে শ্ৰমিকসকলক বানচ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ কথা বৰ্তমানেও ৰাজহুৱা কৰা নাই ৷

লগতে পঢ়ক:Health sector of Assam : মামা-ভাগিনৰ সম্পৰ্ক শেষ বুলি কিয় দাবী কৰিলে ৰাণা গোস্বামীয়ে?

ABOUT THE AUTHOR

...view details