অসম

assam

ETV Bharat / state

লক্ ডাউনে জুৰুলা কৰা সৰু সৰু মানুহৰ সংগ্ৰামী যাত্ৰাৰ কথাৰে... - nagaon news

দুটা পৰ্যায়ত সম্পূৰ্ণ হোৱা লক্ ডাউনৰ পিছতে কিছু শিথিলতাৰ মাজেৰে চলি আছে তৃতীয় পৰ্যায়ৰ লক ডাউন। লগে লগে পুনৰ আৰম্ভ হ'ল শ্ৰমজীৱী লোকৰ সংগ্ৰামী যাত্ৰা ৷

tale of poor people's struggle during lock down
tale of poor people's struggle during lock down

By

Published : May 11, 2020, 8:56 PM IST

নগাঁও, 11 মে' :এই প্ৰতিবেদনৰ দ্বাৰা আমি দেখুৱাব খুজিছোঁ শ্ৰমজীৱী লোকৰ সংগ্ৰামৰ জীয়া ছবিখন । পুৱাই এইখন চাইকেল ঠেলা লৈ ঘৰৰ পৰা ওলাই আহে আকবৰ আলী, জাকিৰহতৰ দৰে বহুজন । ঘৰে ঘৰে লোহাৰ-টিঙৰ পেলনীয়া সামগ্ৰী, কাগজ আদি কিনি ব্যৱসায় চলাই আছে তেওঁকে । মনত কৰ'ণা ভয় শংকা, তাৰ মাজতো ওলাই আহিব লগীয়া হয় দিনটোত মাত্ৰ ৫০- ১০০ টকা উপাৰ্জনৰ বাবে । ডেৰমাহ লক্ ডাউনৰ সময়ত নিজ ঘৰতে আৱদ্ধ হৈ থাকি তীব্ৰ খাদ্য সংকটত ভুগিছিল এইসকল লোক। একমাত্ৰ ভাতমুঠিৰ বাবেই ভয়-আতংকৰ মাজতো পুনৰ জীৱন সংগ্ৰাম এইসকলৰ ।

পৰিয়ালৰ মুখত এমুঠি আহাৰ দিবলৈ মহামাৰীকো আওকাণ

দিন হাজিৰা কৰা শ্ৰমিকসকলৰো আছে কৰ'ণাৰ আতংক ৷ কিন্তু উপায়বিহীন এইসকল শ্ৰমিক ৷ তেওঁলোকৰো আছে এটা এটা পৰিয়াল । পৰিয়াল পোহ-পাল দিয়াৰ তাগিদাত কোনো আতংকই যেন স্তিমিত কৰিব পৰা নাই এইসকল শ্ৰমিকক । ভয় আতংকৰ মাজতো মুখত মাস্ক পৰিধান কৰি ওলাই আহে কাম বিচাৰি । এইসকলৰ বহুতৰে জব কাৰ্ড আছে যদিও কাম নোপোৱাৰ বাবেই মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া হৈছে কাম বিচাৰি । কেতিয়াবা এটা দিনতে যদি উপাৰ্জন কৰিবলৈ সক্ষম হয় ৫০০ টকা পৰ্যন্ত, কেতিয়াবা আকৌ দুদিন তিনিদিন পৰ্যন্ত নাপায় এটকাৰো কাম ৷ ইয়াৰ মাজতে মানুহৰ ঘৰে ঘৰে গৈ মিস্ত্ৰী কাম কৰা এইসকল শ্ৰমিকে আকৌ কোনো কাম নাপায় দিন কটাবলগীয়া হৈছে ঘৰতে । এসাজ খাই এসাজ লঘোণে অতিবাহিত কৰিবলগীয়া হৈছে এইসকলে ।

কাম নহ'লে পৰিয়াল নচলে

আনহাতে, এইসকল মহিলাই COVID-১৯ ৰ আতংকৰ মাজতো পদপথত চলাইছে জীৱন সংগ্ৰাম ৷ নগাঁও জিলাৰ হাতীচুঙ কুঁজিদাহ আদি গ্ৰামাঞ্চলৰ পৰা পাচলি আনি নগাঁও চহৰৰ নেহেৰুৱালীৰ সন্মুখৰ পদপথত বিক্ৰী কৰে তেওঁলোকে । কৰ'ণাৰ আতংকৰ কিন্তু তাৰ মাজতো পৰিয়ালৰ স্বাৰ্থত পাচলি বিক্ৰীৰ বাবে ওলাই আহে এইসকল মহিলা । সংস্পৰ্শলৈ আহে বিভিন্নজনৰ । চৰকাৰী নীতি নিয়ম মানি মাস্ক পৰিধান কৰিছে এইসকল মহিলায়ো । মাস্ক পৰিধান কৰি হলেও পদপথত পাচলি বিক্ৰী কৰিবলৈ বাধ্য তেওঁলোক ।

কেৱল পেটৰ তাড়ণাত সংগ্ৰাম

একেই পৰিস্থিতিৰ সন্মুখীন হৈ পদপথত নাৰিকল, ফলমূল বিক্ৰী কৰিছে বিক্ৰেতাসকলে । নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সমীপৰ পদপথত জীৱন সংগ্ৰাম এইসকলৰ । বছৰ বছৰ ধৰি এই স্থানতে ব্যৱসায় কৰি আছিল এইসকলে । পূৰ্বৰ তুলনাত এতিয়া হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা । সামান্য উপাৰ্জনৰ বাবে এতিয়া পদপথত ব্যৱসায় চলাই গৈছে এইসকল ব্যৱসায়ীয়ে । আনহাতে, কুঁহিয়াৰ ৰস বিক্ৰেতা ব্যৱসায়ী, মুৰ্গী ব্যৱসায়ীয়ে নিজৰ জীৱন সংগ্ৰামৰ কথা ক'লে ই টি ভি ভাৰতৰ কেমেৰাৰ আগত । লক্ ডাউনে জুৰুলা কৰাৰ পিচত পুনৰ নতুনকৈ জীৱন সংগ্ৰামত নামিছে এইসকল লোক । ঘূৰি ফুৰিছে গ্ৰাহক বিচাৰি । কিন্তু ভয়-আতংকৰ এই পৰিবেশত নোপোৱা হৈছে গ্ৰাহকো । তথাপিও দুই পইচা উপাৰ্জনৰ স্বাৰ্থত ওলাই আহিছে তেওঁলোক ।

গ্ৰাহক আহিব বুলি অপেক্ষা

লক্ ডাউন কিছু শিথিল কৰাৰ লগে লগেই ৰিক্সা, ই ৰিক্সা লৈ ওলাই আহিছে এইসকলো । কোনোবাই এজন দুজন যাত্ৰী পাইছে যদিও আন কোনোবাই যাত্ৰীবহীনভাৱেই ঘূৰি ফুৰিছে নগাঁও চহৰত । বিচাৰি ফুৰিছে যাত্ৰী । মাত্ৰ দুটা টকাৰ বাবেই বহু অচিনাকি যাত্ৰী লৈ ফুৰিবলগীয়া হৈ এইসকল ৰিক্সা, ই ৰিক্সা চালকৰ। মহামাৰী কৰ'ণা ভাইৰাছলৈ ভয় শংকাৰ কথা সুধিলে উত্তৰ মাথোঁ এটাই। পেট আছে পেটৰ তাড়নাত ওলাই আহিছোঁ।

লক্ ডাউনে জুৰুলা কৰা সৰু সৰু মানুহৰ সংগ্ৰামী যাত্ৰাৰ কথাৰে...

নগাওঁ চহৰৰ পদপথত জোতা, চেণ্ডেল মেৰামতি কৰা লোকসকলৰো একে দশা । সকলো সামগ্ৰী লগত লৈ বহি আছে গ্ৰাহকৰ আশাত । উপাৰ্জন নাই বুলিয়েই কব পাৰি তথাপিও গ্ৰাহকৰ অপেক্ষাত এনেদৰে কটাইছে পদপথত । লক্ ডাউনৰ সময়ছোৱাত সামান্য সাহায্যও লাভ নকৰা এনে বহুজনেই উপাৰ্জনৰ আশাত ওলাই আহিছে ঘৰৰ পৰা।

পূৰ্বতকৈ হ্ৰাস পাইছে গ্ৰাহক

দৈনিক মনত দুশ্চিন্তা লৈ ঘৰৰ পৰা ওলাই আহে দিন হাজিৰা কৰা শ্ৰমিকৰ পৰা পাচলি ব্যৱসায়ীলৈকে এইসকল লোক । মহামাৰীকো আওকাণ কৰি মৰণত শৰণ দি ভোক নিবাৰণৰ বাবে আন এখন যুঁজত ব্ৰতী হ'ব লগীয়া হৈছে তেওঁলোক ৷

লগতে পঢ়ক :কৰ'ণা আতংক : বানৰ সময়ত ভয়াৱহ হ'ব নেকি পৰিস্থিতি !

ABOUT THE AUTHOR

...view details