নগাঁও,৮ মাৰ্চ :শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দালালৰাজ বন্ধ কৰাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছিল । সেই অনুসৰি বিভিন্ন বিভাগত দালালৰাজ বন্ধৰ বাবে প্ৰশাসনেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ মাজতো যেন ৰাজ্যত দালালৰাজ চলি আছে । খোদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে ।
অভিযোগ অনুসৰি সচিবালয়ৰ কৰ্মচাৰীৰ নেতৃত্বতে চলে চাকৰিৰ বজাৰ । চাকৰি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগত জয় বাহাদুৰ ৰায় নামৰ এজন লোক গ্ৰেপ্তাৰ হোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে । অভিযুক্ত বাহাদুৰ ৰায় আছিল জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । চাকৰিৰ পৰা নিলম্বিত বাহাদুৰ ৰায়ে চাকৰি দিয়াৰ নামত দুগৰাকী মহিলাৰ পৰা ধন লৈ শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে ।
উল্লেখ্য যে জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ নামত দুগৰাকী মহিলাৰ পৰা ৩ লাখ ৪০ হাজাৰ টকা উৎকোচ লৈছিল বাহাদুৰ ৰায়ে । বাহাদুৰে দুয়োগৰাকী মহিলাক ভুৱা নিযুক্তিপত্ৰও প্ৰদান কৰিছিল । মহিলা দুগৰাকীয়ে লাভ কৰা নিযুক্তি পত্ৰ লৈ সোমবাৰে জলসিঞ্চন বিভাগৰ বঢ়মপুৰ সংমণ্ডলত যোগদান কৰিবলৈ যোৱাৰ পাছতেই ওলাই পৰে উৰহী গছৰ ওৰ ।