অসম

assam

ETV Bharat / state

সাংসদ , চলচিত্ৰ নিৰ্মাতাৰ পাচত কি ৰূপত দেখিব শুকুৰক ? - nagaon

এইবাৰ শুকুৰ অলীৰ মিচন চামগুৰি । লোকসভাত শোচনীয় পৰাজয়ৰ পাচত এইবাৰ বিধানসভালৈ যোৱাৰ মন মেলিছে শুকুৰ আলীয়ে ৷ লুইতৰ প্ৰবল গৰাখহনীয়া আৰু মথাউৰিৰ ওপৰত থকা ৰাইজৰ দুৰ্বিসহ জীৱন দেখি শোকস্তব্ধ হৈ পৰা শুকুৰ আলীৰ এইবাৰ এই সিদ্ধান্ত ৷

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাবলৈ সাজু শুকুৰ আলী

By

Published : Jun 22, 2019, 10:08 AM IST

নগাঁও, 22 জুন : শুকুৰ আলীক মনত আছে নে ? সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা শুকুৰ আলী এইবাৰ আহি আছে চামগুৰিলৈ । লোকসভা নিৰ্বাচনৰ পাচতে চিনেমাৰ শ্বুটিঙত ব্যস্ত হৈ পৰা শুকুৰ আলীয়ে এইবাৰ মন মেলিছে বিধানসভালৈ যোৱাৰ ৷ সেয়েহে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে পৰিছে শুকুৰ আলী ।

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাবলৈ সাজু শুকুৰ আলী

চলচিত্ৰ নিৰ্মাণত ব্যস্ত হৈ পৰা শুকুৰে শ্বুটিঙৰ ঠাই পৰিদৰ্শন কৰিবলৈ চামগুৰিলৈ আহি বেদনাত ভাগি পৰিছে । লুইতৰ প্ৰবল গৰাখহনীয়া আৰু মথাউৰিৰ ওপৰত ৰাইজৰ দুৰ্বিসহ জীৱন দেখি শোকস্তব্ধ হৈ পৰা শুকুৰ আলীয়ে ল'লে পণ । চামগুৰিত এইবাৰ প্ৰাক্তন মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে 2021 ত বিধানসভা নিৰ্বাচন খেলিব ৷ লগতে সংবাদ মাধ্যমৰ আগত ক'লে, "ৰকিবুল হুছেইন বিধায়ক নহয়, যদি বিধায়ক হ'লহেঁতেন তেন্তে ৰাইজৰ সমস্যা সমাধান কৰিলেহেতেন" ।

আৰু পঢ়ক - বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে আজি বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details