অসম

assam

ETV Bharat / state

কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰালে কামপুৰ, নিশা ৰাইজৰ হাহাকাৰ

আৱতৰীয়া বানে খহালে বঢ়মপুৰৰ কামপুৰৰ কপিলী নৈৰ মাথাউৰি ৷ কপিলী নদীৰ বাঢ়নি পানীয়ে ভয়াবহ ৰূপত খহাই নিলে কামপুৰৰ ভলভলীয়া গাঁৱৰ মাথাউৰি ৷

By

Published : Oct 27, 2019, 11:51 PM IST

কপিলী নৈ বাঢ়নী পানীয়ে বুৰালে কামপুৰ

বঢ়মপুৰ, 27 অক্টোবৰঃ আৱতৰীয়া বানে খহালে বঢ়মপুৰৰ কামপুৰৰ কপিলী নৈৰ মাথাউৰি ৷ কপিলী নদীৰ বাঢ়নি পানীয়ে ভয়াবহ ৰূপত খহাই নিলে কামপুৰৰ ভলভলীয়া গাঁৱৰ মাথাউৰি ৷ ইয়াৰ ফলত জলমগ্ন হৈ পৰে সমগ্ৰ কামপুৰ অঞ্চল ৷ এতিয়া পানীৰ মাজত আৱদ্ধ কামপুৰৰ ভলভলীয়া গাঁৱৰ কেইবাটাও পৰিয়াল ৷ উদ্ধাৰ কাৰ্যত নামি পৰিছে কামপুৰৰ যুৱক সমাজ ৷ এতিয়ালৈ প্ৰশাসনৰ কোনোধৰণৰ সহায় লাভ কৰা নাই বুলি ক্ষোভ প্ৰকাশ বানাক্ৰান্তৰ ৷ ইফালে বাৰেগোগা মাথাউৰিটোৰ ওপৰৰে পানী বাগৰি যোৱাত যিকোনো মুহুৰ্ততে চিঙি যোৱাৰ সম্ভৱনা প্ৰৱল ৷

কপিলী নৈ বাঢ়নী পানীয়ে বুৰালে কামপুৰ

ABOUT THE AUTHOR

...view details