চামগুৰি, 22 ছেপ্তেম্বৰ: নিজ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰোষত পৰিছে এজন ছাত্ৰ ৷ নিজে পঢ়া মহাবিদ্যালয়খনৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ হ’বলগীয়া হৈছে এজন ছাত্ৰ ৷ এয়া নগাঁৱৰ কনিষ্ঠ মহাবিদ্যালয় কলং কপিলী বিদ্যাপীঠ(Kalong-Kapili Vidyapith Junior College)ৰ ঘটনা ৷
ঘটনাৰ বিৱৰণী মতে, মহাবিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ বিমান শইকীয়াই 9 ছেপ্তেম্বৰত হোৱাটছ এপযোগে নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰিছিল ৷ ইয়াৰ পাচতে মহাবিদ্যালয় কৰ্তৃপক্ষই এই কথা গম পাই মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰে বিমানক ৷
অপমানসূচক মন্তব্যৰ বাবে বিমানে মহাবিদ্যালয় কৰ্তৃপক্ষক ক্ষমা-প্ৰাৰ্থনা বিচাৰি এখন ক্ষমা পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ছাত্ৰজনৰ মাতৃয়ে ৷ কিন্তু কনিষ্ঠ মহাবিদ্যালয়খনৰ কর্তৃপক্ষই ছাত্ৰজনক কেৱল ব’ৰ্ডৰ পৰীক্ষা দিয়াৰহে অনুমতি প্ৰদান কৰে ৷ ছাত্ৰ বিমানে পৰীক্ষাৰ পূৰ্বে মহাবিদ্যালয়লৈ যাব নোৱাৰে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই বিমানৰ পিতৃ-মাতৃক অৱগত কৰে ৷