অসম

assam

কলিয়াবৰত চৰকাৰী অনুদান বিতৰণত দুৰ্নীতিৰ অভিযোগ

By

Published : Feb 24, 2021, 3:27 PM IST

কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তত চৰকাৰী অনুদান প্ৰদানৰ বাবে অনুসুচিত জাতিৰ হিতাধিকাৰী বাছনি কৰাত স্বজন-তোষণৰ অভিযোগ স্থানীয় লোকৰ । ধনৰ বিনিময়ত চৰকাৰী সা-সুবিধা প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সদস্য কৃষ্ণৰাম হাজৰিকাৰ বিৰুদ্ধে ।

কলিয়াবৰত চৰকাৰী অনুদান বিতৰণত দুৰ্নীতিৰ অভিযোগ
কলিয়াবৰত চৰকাৰী অনুদান বিতৰণত দুৰ্নীতিৰ অভিযোগ

কলিয়াবৰ, ২৪ ফেব্ৰুৱাৰী: নগাঁৱৰ কলিয়াবৰত চৰকাৰী অনুদান লাভৰ পৰা বঞ্চিত দৰিদ্ৰ ৰাইজৰ ক্ষোভ । কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তত চৰকাৰী অনুদান প্ৰদানৰ বাবে হিতাধিকাৰী বাছনিত কৰাৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কলিয়াবৰৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা অনুসূচিত জাতিৰ দৰিদ্ৰ পৰিয়ালৰ বাবে বিভিন্ন সামগ্ৰী আবণ্টিত হৈছে । কিন্তু এই সামগ্ৰী বিতৰণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

কলিয়াবৰত চৰকাৰী অনুদান বিতৰণত দুৰ্নীতিৰ অভিযোগ

চৰকাৰী অনুদানৰ টিনপাত, ফিল্টাৰ, চিলাই মেছিনকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত হিতাধিকাৰী বাছনি কৰাক লৈ মুঠেও সন্তুষ্ট নহয় একাংশ লোক । তেওঁলোকৰ মতে, একেটা পৰিয়ালতে ৩-৪জনকৈ লোকে চৰকাৰী সাহায্য লাভ কৰিছে । ইয়াৰ ফলত প্ৰকৃত হিতাধিকাৰী বাদ পৰি ৰৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে । অনুসূচিত জাতি উন্নয়ন পৰিষদৰ জিলা সমিতিৰ সদস্য কৃষ্ণৰাম হাজৰিকাই চৰকাৰী সাহায্য বিতৰণৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ৫০০ ৰ পৰা ১০০০ টকাকৈ উপঢৌকন লৈ হিতাধিকাৰী বাছনি কৰাৰ গুৰুতৰ অভিযোগ তোলা হৈছে ।

মন্ত্ৰী কেশৱ মহন্তৰ ঘনিষ্ঠতাৰ দোহাই দি উন্নয়নমূলক কাম-কাজ নীতি বহিৰ্ভূতভাৱে নিজ ইচ্ছামতে কৰি আহিছে বুলি অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল । বাৰম্বাৰ চৰকাৰী সুবিধা লাভৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে দৰিদ্ৰ লোকসকল ।


লগতে পঢ়ক:ধেমাজিত উদ্ধাৰ অৰুণাচলৰ চুৰি গাড়ী

ABOUT THE AUTHOR

...view details