অসম

assam

ETV Bharat / state

কেনে আছে কলাগুৰুৰ সৈতে তবলা সংগত কৰা মহৎ চন্দ্ৰ বৰা - লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সৈতে তবলা সংগত কৰা অভিজ্ঞতাৰে পুষ্ট পুৰণিগুদামৰ এগৰাকী আশীৰ ঊৰ্ধৰ ব্যক্তি ৷ প্ৰসিদ্ধ পৰিচালক আব্দুল মজিদ পৰিচালিত উত্তৰকাল আৰু ৰণাংগণ বোলছবিতো অভিনয় কৰি শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মহৎ চন্দ্ৰ বৰা ৷

special story of mahat chandra bora
কেনে আছে কলাগুৰুৰ সৈতে তবলা সংগত কৰা মহৎ চন্দ্ৰ বৰা

By

Published : Jun 27, 2021, 8:49 PM IST

চামগুৰি, 27 জুন :অভিজ্ঞতাৰে পুষ্ট আশীৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি ৷ এটা সময়ত তেওঁ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সৈতে সংগত কৰিছিল তবলা ৷ পুৰণিগুদামৰ এইগৰাকী ব্যক্তিৰ নাম মহৎ চন্দ্ৰ বৰা ৷ নগাঁও জিলাৰ পুৰণিগুদাম নলবৰাগাঁৱৰ বাসিন্দা এইগৰাকী সৰবৰাহী ব্যক্তিয়ে কৰৈয়নী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষকৰূপে কৰ্মজীৱন অতিবাহিত কৰি অৱসৰ গ্ৰহণ কৰে ৷

কেনে আছে কলাগুৰুৰ সৈতে তবলা সংগত কৰা মহৎ চন্দ্ৰ বৰা

কিন্তু পৰিতাপৰ বিষয় যে, সৰুকালতে ঘটা এটা দুৰ্ঘটনাৰ পাচতেই ভৰিখন ভাঙি যোৱাৰ ফলত চাৰিটাকৈ শিক্ষাবৰ্ষ হেৰুৱাবলগীয়া হোৱাৰ লগতে পংগুত্বৰ জীৱন যাপন কৰিবলগীয়া হয় ব্যক্তিগৰাকীয়ে ৷ প্ৰসিদ্ধ পৰিচালক আব্দুল মজিদ পৰিচালিত উত্তৰকাল আৰু ৰণাংগণ বোলছবিতো অভিনয় কৰি শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মহৎ চন্দ্ৰ বৰা ৷ অতুলানন্দ গোস্বামীৰ উপন্যাস নামঘৰীয়াৰ আধাৰত একেনামেৰে দুৰদৰ্শনযোগে প্ৰচাৰিত ধাৰাবাহিক নামঘৰীয়াতো অভিনয় কৰিছিল এইগৰাকী শিল্পীয়ে ৷ নাট ৰচনা, পৰিচালনা, একক অভিনয় কৰাৰ লগতে খনিকৰ হিচাপেও সমাদৃত আছিল তেওঁ ৷

আব্দুল মজিদৰ পৰিচালনাত উত্তৰকালত বৰ্তমানৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক কৃষ্ণ ৰূপত সজাই দিছিল এইগৰাকী ব্যক্তিয়েই ৷

তেখেতে মনৰ দৃঢ়তা, একাগ্ৰতা আৰু দুৰ্বাৰ আকাংক্ষাৰ বলত সুশিক্ষিত হ’বলৈ নিষ্ঠাৰে কৰি গৈছিল কচৰৎ ৷ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এসময়ৰ সহকাৰী সম্পাদক এইগৰাকী মহৎ চন্দ্ৰ বৰাই ভাষা, কৃষ্টি, সাংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল ৷ অসমৰ বহু মঞ্চত বিহু নৃত্য প্ৰতিযোগিতাৰ বিচাকৰ ভূমিকাও পালন কৰিছিল এইগৰাকী ব্যক্তিয়ে ৷

অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক বিশিষ্ট ব্যক্তি গৰাকীয়ে সম্প্ৰতি শাৰিৰীক বাধাগ্ৰস্ততাৰ বাবে চলা-ফুৰা কৰিব নোৱাৰি সম্প্ৰতি নিজ বাসগৃহতে বহি স্মৃতি ৰোমন্থন কৰি পাৰ কৰিছে সময় ৷ এই বিশিষ্ট ব্যক্তিগৰাকীৰ জীৱনশৈলী যথেষ্ট প্ৰসংশনীয় ৷ যদিওবা এই ব্য়ক্তিগৰাকী বৰ্তমান শাৰিৰীকভাৱে অসুস্থ, তথাপিও তেওঁৰ মনত আছে যথেষ্ট উৎসাহ ৷

লগতে পঢ়ক:সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়

ABOUT THE AUTHOR

...view details