অসম

assam

By

Published : Nov 27, 2020, 9:48 PM IST

ETV Bharat / state

আনন্দ উল্লাসৰ মাজেৰে উদযাপন বড়োসমাজৰ ন-খোৱা উৎসৱ

পৰম্পৰাগতভাৱে প্ৰতিবছৰে আঘোন মাহৰ ৯ তাৰিখে বড়োসকলে সমূহীয়াভাৱে উদযাপন কৰে ন-খোৱা উৎসৱ ৷ পৰম্পৰাগতভাৱে সমূহীয়াকৈ ন-ভাত নোখোৱালৈকে বড়ো সমাজৰ কোনো ঘৰে গ্ৰহন নকৰে ন চাউল ৷ কৃষিকৰ্মত সমূহীয়া সহযোগিতা বড়ো সকলৰ এক অন্যতম বৈশিষ্ট ৷

as_smg_special_program_of_nagaon_vis_asc10079
আনন্দ উল্লাসৰ মাজেৰে উদযাপন বড়োসমাজৰ ন-খোৱা উৎসৱ

নগাঁও, 27 নৱেম্বৰ : নানা জাতি উপজাতি, ভাষা সংস্কৃতিৰ পবিত্ৰ মিলনভূমি অসম ৷ বিভিন্ন জাতি জনজাতিৰে পৰিপূৰ্ণ অসমৰ আছে এক সুকীয়া পৰিচয় ৷ যেনেদৰে নানা জাতি উপজাতিৰে পৰিপূৰ্ণ আমাৰ ৰাজ্যখন তেনেদৰে প্ৰত্যেক জাতিৰে আছে নিজস্ব ৰীতি নীতিৰ লগতে পৰম্পৰাও ৷ এই ৰীতি নীতি আৰু পৰম্পৰা ৰক্ষা কৰি বৰ্তি আছে প্ৰতিটো জাতি, জনগোষ্ঠী ৷ এইসকলৰ ভিতৰত অন্যতম বড়োসকল ৷

আনন্দ উল্লাসৰ মাজেৰে উদযাপন বড়োসমাজৰ ন-খোৱা উৎসৱ

অতীতৰ পৰাই কৃষি কৰ্মৰ লগত ওতঃপ্ৰোতভাৱে জৰিত বড়োসকল ৷ কৃষিকৰ্মত সমূহীয়া সহযোগিতা বড়ো সকলৰ এক অন্যতম বৈশিষ্ট ৷ ধান ৰোৱাৰ পৰা চপোৱালৈকে ঐক্যবদ্ধভাৱে কৰ্মত ব্যস্ত হয় বড়ো ভাই ভনী সকলে ৷

আনন্দ উল্লাসৰ মাজেৰে উদযাপন বড়োসমাজৰ ন-খোৱা উৎসৱ

অকল সেয়াই নহয়, পৰম্পৰাগত আৰু ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে সমূহীয়াকৈ ন-ভাত নোখোৱালৈকে কোনো ঘৰে ন-চাউল গ্ৰহন নকৰে ৷ পৰম্পৰাগতভাৱে প্ৰতিবছৰে আঘোন মাহৰ ৯ তাৰিখে বড়োসকলে সমূহীয়াভাৱে উদযাপন কৰে ন-খোৱা উৎসৱ ৷ শুকুৰবাৰে ধিঙৰ ধূপগুৰী চহৰীয়া গাঁৱতো পৰম্পৰাগত আৰু ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আনন্দ উল্লাসেৰে উদযাপন কৰা হ'ল বড়োসমাজৰ ন খোৱা উৎসৱ ৷

আনন্দ উল্লাসৰ মাজেৰে উদযাপন বড়োসমাজৰ ন-খোৱা উৎসৱ

গাঁওখনৰ ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলা, বৃদ্ধ, কন কন শিশুলৈকে সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি সমবেত হ'ল বাথৌ মন্দিৰ প্ৰাংগনত ৷ ধৰ্মীয় ৰীতি নীতি পালন কৰাৰ লগতে আনন্দ উল্লাসৰ মাজেৰে সকলোৱে ভাগ ল'লে হেপাঁহৰ ন-খোৱা উৎসৱত ৷

লগতে পঢ়ক :চৰকাৰী বিভাগৰ পৰা উপেক্ষিত হৈ ৰাইজে বান্ধিলে নৈৰ পাৰ

ABOUT THE AUTHOR

...view details