অসম

assam

ETV Bharat / state

নগাঁৱত অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি দিলে আনন্দ মিশ্ৰাই - কলিয়াবৰ মহকুমা

মঙলবাৰে কলিয়াবৰত উপস্থিত হয় নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ৷ কলিয়াবৰ মহকুমাৰ আইন-শৃংখলাজনিত সমস্যা সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ সৈতে এক আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

sp-anand-mishra-official-visit-to-kaliabor
কলিয়াবৰ মহকুমা বিষয়াৰ কাৰ্যালয়ত আনন্দ মিশ্ৰা

By

Published : May 26, 2021, 10:36 AM IST

কলিয়াবৰ,26 মে’ : নগাঁও জিলাৰ কলিয়াবৰত মঙলবাৰে উপস্থিত হৈ মহকুমা আৰক্ষী বিষয়াৰে আলোচনাত মিলিত হয় নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ৷ কুঁৱৰীটোলস্থিত কলিয়াবৰ মহকুমা বিষয়াৰ কাৰ্যালয়ত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ সৈতে এক আলোচনাত মিলিত হৈ কলিয়াবৰ মহকুমাৰ আইন-শৃংখলাজনিত সমস্যা সন্দৰ্ভত বুজ লয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

উক্ত আলোচনাত নগাঁও জিলাৰ সীমামূৰীয়া মহকুমাটোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাং চিকাৰী, অবৈধ গৰু সৰবৰাহ, ড্ৰাগছ সৰবৰাহ আদি বিষয়সমূহে স্থান পায় । আলোচনাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিগত সময়চোৱাত কলিয়াবৰ মহকুমাৰ আইন-শৃংখলা নিয়ন্ত্ৰণত বিশেষ সফলতা লাভ কৰা মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ প্ৰশংসা কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই ।

কলিয়াবৰ মহকুমা বিষয়াৰ কাৰ্যালয়ত আনন্দ মিশ্ৰা

লগতে তেওঁ কয় যে, বিভিন্ন অসামাজিক কাম-কাজ নিয়ন্ত্ৰণত থাকিলেও আগন্তুক সময়ত মাজে-সময়ে মূৰ দাঙি উঠা অসামাজিক চক্ৰসমূহক দমন কৰাৰ সকলো পদক্ষেপ লোৱা হ’ব । তদুপৰি জিলাখনৰ ভৌগলিক আৰু সামাজিক অৱস্থাৰ বিষয়ে অৱগত হ’বলৈ কলিয়াবৰ পৰিদৰ্শন কৰা বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে । অনাগত সময়ত আইন শৃংখলাজনিত সমস্যাসমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা কামনা কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই ।

লগতে পঢ়ক :ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নাপাই চুৰি কাৰ্যত নামিল যুৱক

ABOUT THE AUTHOR

...view details