ব্ৰহ্মপুত্ৰত জাহ গ'ল কৃষি বান্ধ - গৌৰৱ গগৈ
কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৷ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি ৷ পৰিদৰ্শনতে দায়িত্ব সামৰিলে কেশৱ মহন্ত -গৌৰৱ গগৈ
কলিয়াবৰ, 30 জুলাই: ব্ৰহ্মপুত্ৰত জাহ গ'ল কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় 700 মিটাৰ অংশ ৷ ইয়াকে লৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷ বিষয়টোত বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি ৷ মানুহৰ ঘৰ-দুৱাৰ, খেতি পথাৰ সকলো জাহ গৈছে নৈৰ বুকুত ৷ খহনীয়া ৰোধৰ বাবে যোগান ধৰা জিঅ' বেগ মাহ-মাহ ধৰি পৰি থকাৰ অভিযোগ ৷ জলসম্পদ মন্ত্ৰীৰ লগতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে খহনীয়া অঞ্চল পৰিদৰ্শনতে দায়িত্ব সামৰিলে বুলি উল্লেখ কৰে ৰাইজে ৷