অসম

assam

ETV Bharat / state

Social exclusion in Nagaon : কাকতিগাঁওবাসীৰ পৰামৰ্শ, গাহৰিৰ সলনি গৰু পোহক হীৰেণ নাথে - Social exclusion in Nagaon

‘‘পৰম্পৰা অনুসৰি যোগীৰ ভিতৰত গাহৰি, মূৰ্গী আদি পোহা, মাছ বেচা ইত্যাদি নিষিদ্ধ ৷ সেয়ে ধন নাথে গাহৰিৰ সলনি গৰু পোহক’’ ৷ এই মন্তব্য ৰহাৰ দীঘলদৰি কাকতিগাঁৱৰ একাংশ লোকৰ ৷ এনে বাক বিতণ্ডাৰ মাজত এতিয়াও এতিয়াও মাৰ যোৱা নাই ৰহাৰ হীৰেণ নাথ কিম্বা ধন নাথক এঘৰীয়া কৰাৰ প্ৰসংগ (Family victimized by social exclusion in Nagaon) ৷

Social exclusion in Nagaon
গাহৰি সলনি গৰু পোহক হীৰেণ নাথে : কাকতিগাঁওবাসী

By

Published : Sep 13, 2022, 4:34 PM IST

Updated : Sep 13, 2022, 5:33 PM IST

ৰহা, 13 ছেপ্টেম্বৰ : ‘‘হীৰেণ নাথ অথবা ধন নাথক আমি জুই-পানী নিষেধ কৰা নাই ৷ আনকি এঘৰীয়াও কৰিব বিচৰা নাই । তেওঁ গাহৰি পোহক, আমাৰ আপত্তি নাই ৷ কিন্তু জন সমাজৰ পৰা কিছু নিলগত ফাৰ্ম খোলক ৷ অৱশ্যে গাহৰি পোহাতো আমাৰ সমাজৰ বাহিৰত ৷ পৰম্পৰা অনুসৰি যোগীৰ ভিতৰত গাহৰি, মূৰ্গী আদি পোহা, মাছ বেচা ইত্যাদি নিষিদ্ধ’’ ৷ এয়া ৰহাৰ দীঘলদৰি কাকতিগাঁৱৰ একাংশ লোকৰ ভাষ্য ৷

উল্লেখ্য যে, এতিয়াও মাৰ যোৱা নাই ৰহাৰ দীঘলদৰি কাকতিগাঁৱৰ যুৱক ধন নাথে গাহৰি ফাৰ্ম খোলা সন্দৰ্ভত হোৱা বিতৰ্কৰ (Pig farm controversy at Raha) ৷ কিছুদিন পূৰ্বে ধন নাথ আৰু তেওঁৰ পৰিয়ালক সমাজৰ পৰা বহিষ্কাৰ কৰা (Family victimized by social exclusion in Nagaon) সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল ৷ এই সন্দৰ্ভত এতিয়া গাঁৱৰ ৰাইজেও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

গাহৰি ফাৰ্ম খোলা সন্দৰ্ভত হোৱা বিতৰ্ক

গাঁৱৰ একাংশ ৰাইজৰ মতে, ধন নাথে ৰাইজৰ কথা নুশুনি চুবুৰীৰ মাজতে গাহৰিৰ ফাৰ্ম খুলি জনস্বাস্থ্যলৈ ভাবুকি আনিছে । এই ফাৰ্মৰ নিচেই কাষতে আছে এখন ছোৱালী হাইস্কুল । ফাৰ্মখনৰ পৰা ওলোৱা দুগন্ধই শিক্ষাৰ্থীসকলক অসুবিধাত পেলাইছে । লগতে কাকতিগাঁৱৰ একাংশ লোকে উল্লেখ কৰে যে, ৰাইজ তথা সমাজৰ কথা নামানি ধন নাথে আকোঁৰগোজ হৈ থকাৰ বাবেই সমাজৰ মাংগলিক কাৰ্যৰ পৰা বিৰত ৰখা হৈছে ।

লগতে পঢ়ক :আকৌ এঘৰীয়া: গাহৰি পোহাৰ বাবেই জুয়ে-পানীয়ে নিষেধ এটা পৰিয়ালক

আনকি গাঁৱৰ আন একাংশই কয় যে, ধন নাথক বাৰে বাৰে এই গাহৰি ফ্ৰামখন জনবসতি অঞ্চলৰ পৰা বাহিৰত পতাৰ বাবে বুজনি দিছিল ৷ আনকি গাহৰিৰ সলনি গৰুকে পোহিবলৈ কৈছিল গাঁৱৰ ৰাইজে ৷ কিন্তু এই কথাক কোনো প্ৰকাৰে গুৰুত্ব নিদিলে ধন নাথে ৷ এনে পৰিপেক্ষিতত সমাজৰ কিছু নীতি নিয়মৰ বাবে সমাজৰ পৰা আঁতৰাই ৰাখিবলৈ বাধ্য হৈছে ধন নাথৰ পৰিয়ালক ।

ইপিনে ধন নাথে উল্লেখ কৰা অনুসৰি, তেওঁ কেৱল গাহৰি পালন কৰাৰহে প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ গাহৰি পোহাৰ প্ৰশিক্ষণ লৈ গৰু পোহিব নোৱাৰে ধনে ৷ সেয়ে সমাজৰ পৰা তেওঁক বহিষ্কাৰ কৰিছে ৷ এই লৈ কোনো কথা নাই ৷ কেৱল তেওঁৰ পিতৃ হীৰেণ নাথ আৰু মাতৃক সমাজৰ পৰা এঘৰীয়া কৰিব নালাগে ৷ সমাজে ধনৰ পিতৃ-মাতৃক আদৰি লওঁক ৷ সংবাদ মাধ্যমৰ জৰিয়েতে এই মন্তব্য কৰে ধন নাথে ৷

কিন্তু সমাজৰ একাংশ লোকে ধনৰ এই কথাত মান্তি নহৈ হীৰেণ নাথক ধনক ত্যেজ্য পুত্ৰ কৰিবলৈহে হেঁচা প্ৰদান কৰিছে বুলিও অভিযোগ কৰে ৷ উল্লেখ্য যে, অভিযোগ প্ৰতিযোগৰ মাজতে এতিয়া সোমাই পৰিছে ৰহাৰ দীঘলদৰি কাকতিগাঁৱৰ গাহৰি পালন কৰাৰ বিতৰ্ক ৷

লগতে পঢ়ক :তিৱা যুৱতীক বিয়া কৰোৱাৰ বাবেই সমাজে এঘৰীয়া কৰিলে যোৰহাটৰ এটা পৰিয়ালক

Last Updated : Sep 13, 2022, 5:33 PM IST

ABOUT THE AUTHOR

...view details