নগাঁও, 5 জুলাই :ড্ৰাগছ (Drug) বিৰোধী অভিযানত এটাৰ পিছত এটা সফলতা লাভ কৰা নগাঁও আৰক্ষী (Nagaon Police)ৰ টাৰ্গেট এইবাৰ দেহ ব্যৱসায়ী (Prostitute Gang)ৰ ঘাটিত । দেওবাৰে নিশা নগাঁও আৰক্ষী (Nagaon Police)ৰ এটা দলে অভিযান চলালে শিয়ালমাৰীৰ এটা দেহ ব্যৱসায়ীৰ ঘাটিত । আৰক্ষীয়ে অভিযানৰ সময়ত দুই যুৱকৰ লগতে তিনিগৰাকী মহিলাক আটক কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি, শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ এজন যুৱকে নিজৰ ঘৰত দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল দেহ ব্যৱসায় । আতাউৰৰ এই ঘাটি দেওবাৰে নিশা নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional Police Superintendent) ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসসহ আৰক্ষীৰ এটা দলে অভিযান চলাই আতাউৰ আৰু এজন যুৱকসহ তিনিগৰাকী মহিলাক হাতে-লোটে আটক কৰে ৷ অসামজিক কাৰ্যৰ ঘাটি পাতি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহা আতাউৰ ৰহমান নামৰ লোকজনে কেইদিনমান পূৰ্বে জেল হাজোতৰ পৰা মুকলি হৈ আহিছিল ৷