নগাওঁ, 20 ফেব্ৰুৱাৰী : ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য তথা দেশত দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি থাকে যদিও সময়ে সময়ে সংবাদ মাদ্যমৰ যোগেদি পোহৰলৈ আহিছে দেশ তথা ৰাজ্যৰ বিয়াগোম কেলেংকাৰীৰ তথ্য ৷ ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ আৱন্টনৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ এই আঁচনিৰ ঘৰ কেৱল দুখীয়াৰ বাবেহে বুলি চৰকাৰী বিজ্ঞাপন বোৰত দেখিবলৈ পোৱা যায় যদিও সস্পূৰ্ণ এখন বিপৰীত চিত্ৰ সম্প্ৰতি পোহৰলৈ অহা পৰিলক্ষিত হৈছে (Poor implimantation of PMAY G in Assam) ৷
বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত পুনৰ সৃষ্টি হৈছে বেমেজালিৰ ৷ সৌ সিদিনা চুমা বিতৰ্কৰ মাৰ নৌযাওঁতেই এইবাৰ সমষ্টিটোৰ কেলেংকাৰীৰ বাতৰিয়ে দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ ধন দিলেহে সমষ্টিটোৰ দৰিদ্ৰসকলে লাভ কৰে আৱাস যোজনাৰ গৃহ (Pradhan Mantri Awas Yojana Gramin) ৷
ধনৰ লালসাত ধনী লোকক চৰকাৰী PMAY গৃহ প্ৰদানৰ গুৰুতৰ অভিযোগ বঞ্চিত হিতাধিকাৰীয়ে উত্থাপন কৰিছে পঞ্চায়ত কৰ্মী, পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন কৰিছে পঞ্চায়তখনৰ একাংশ ভুক্তভোগী মহিলাই । কেমেৰাৰ সন্মুখত কান্দি কান্দি বঞ্চিত হিতাধিকাৰীয়ে উল্লেখ কৰিছে চৰকাৰী বিষয়া জনপ্ৰতিনিধি আৰু এচাম দালালৰ কথা । আনকি ধনৰ বিনিময়ত চৰকাৰী চাকৰি থকা লোকে গৃহ লাভ কৰাৰ লগতে এখন ঘৰতে দুই তিনিটাকৈ ঘৰ লাভ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ।