অসম

assam

ETV Bharat / state

Assam Seed Corporation: নগাঁৱৰ চিলঙনীস্থিত বীজ নিগমৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ

নগাঁৱৰ চিলঙনীস্থিত বীজ নিগমৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি (Seed Corporation limited Nagaon)। মহাপ্ৰৱন্ধকৰ পৰিবৰ্তে নথিত চহী কৰে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে। কৃষকৰ বাবে আৱণ্টিত বীজ ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ ৷

By

Published : Oct 18, 2022, 7:02 PM IST

Assam Seed Corporation
নগাঁৱৰ চিলঙনীস্থিত বীজ নিগমৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ

নগাঁও, 18 অক্টোবৰ : নগাঁৱৰ ছিলঙনীস্থিত চৰকাৰী বীজ নিগম পৰিসীমিত কাৰ্যালয়ত (Seed Corporation limited Nagaon) বীজৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কৃষকৰ বাবে চৰকাৰে আবণ্টন দিয়া বীজৰ নামত একাংশ কৰ্মচাৰী সীমাহীন দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ।

বীজ নিগম পৰিসীমিত কাৰ্যালয়টোৰ(Seed Corporation Limited Office Nagaon) ৰিয়াজুল নামৰ এজন মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে কাৰ্যালয়টোৰ সৰ্বে-সৰ্বা হৈ পৰাৰ অভিযোগ উঠিছে । আনকি বীজ যোগান দিয়া ৰছিদত মহা প্ৰবন্ধকৰ পৰিৱৰ্তে চহীও কৰে মাষ্টাৰ ৰোলৰ কৰ্মচাৰী ৰিয়াজুলে । বীজ নিগম পৰিসীমিত কাৰ্যলয়ৰ মহা প্ৰবন্ধক হীৰেন কুমাৰ দাসে মাষ্টাৰ ৰোলৰ কৰ্মচাৰী ৰিয়াজুলক চহী কৰাৰ সম্পূৰ্ণ অধিকাৰ দিছে বুলি স্বীকাৰ কৰিছে ৰিয়াজুলে ।

নগাঁৱৰ চিলঙনীস্থিত বীজ নিগমৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ

আনকি মহা প্ৰবন্ধকৰ পৰিৱৰ্তে মাষ্টাৰ ৰোলৰ এজন কৰ্মচাৰীয়ে চহী কৰি কৃষকক বীজ যোগান ধৰাৰ নামত গোপনে ক'লা বজাৰত বীজ বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে । মুঠতে নগাঁৱৰ বীজ নিগম পৰিসীমিত কাৰ্যালয়ত বৰ্তমান এইদৰেই চলি আছে এজন মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ দৌৰাত্ম্য । প্ৰবন্ধকৰ চহীৰ পৰিৱৰ্তে কিদৰে এজন মাষ্টাৰ ৰোলৰ কৰ্মচাৰীক চহী কৰিবলৈ অনুমতি প্ৰদান কৰিলে মহাপ্ৰবন্ধকে বুলিও প্ৰশ্ন উত্তাপিত হৈছে ।

কেনেকৈ বীজ নিগম পৰিসীমিত কাৰ্যালয়ৰ মহা প্ৰবন্ধক হীৰেন কুমাৰ দাসে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ ওপৰত এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে ? তাক লৈয়েই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চিলঙনী অঞ্চলত । নগাঁৱৰ বীজ নিগম পৰিসীমিত কাৰ্যালয়ৰ মহা প্ৰৱন্ধক হীৰেন কুমাৰ দাস আৰু মাষ্টাৰ ৰোলৰ কৰ্মচাৰী ৰিয়াজুলৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ(CM Himanta Biswa Sarma) লগতে বিভাগীয় মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক:Water supply project in Guwahati: পানী যোগান প্ৰকল্পৰ কাম শীঘ্ৰ সম্পূৰ্ণ কৰাৰ দাবী মহানগৰ উন্নয়ন সমিতিৰ

ABOUT THE AUTHOR

...view details