নগাঁও, 28 জুন: ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক আক্ৰমণ ৷ দেওবাৰে কলিয়াবৰৰ কাঞ্চনজুৰিত অসম ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি গৰাকীক শাৰীৰিক ভাৱে অপদস্থ কৰিলে তিনিজনীয়া দুৰ্বৃত্তৰ দলে ৷ সিমানতে ক্ষান্ত নাথাকি মৃত্যুৰ ভাবুকি দিয়াৰ লগতে চোকা অস্ত্ৰৰে সোঁ হাতত আঘাত কৰি ভৱিষ্যতৰ বাবে সাৱধানবাণী শুনাই উক্ত স্থানৰ পৰা আঁতৰি যায় দুৰ্বৃত্তৰ দলটো ৷ ইয়াৰ পাছতে নাতি দূৰত অৱস্থিত জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হোৱা পাছতে সত্যৰঞ্জনক চিকিৎসা সেৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে জখলাবন্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে সত্যৰঞ্জন বৰাই ৷
ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক দুৰ্বৃত্তৰ আক্ৰমণ - ফোন যোগে তথা সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকি
কলিয়াবৰৰ কাঞ্চনজুৰিত অসম ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি গৰাকীক শাৰীৰিক ভাৱে অপদস্থ কৰিলে তিনিজনীয়া দুৰ্বৃত্তৰ দলে ৷ সিমানতে ক্ষান্ত নাথাকি মৃত্যুৰ ভাবুকি দিয়াৰ লগতে চোকা অস্ত্ৰৰে সোঁ হাতত আঘাত কৰি ভৱিষ্যতৰ বাবে সাৱধানবাণী শুনাই উক্ত স্থানৰ পৰা আঁতৰি যায় দুৰ্বৃত্তৰ দলটো ৷
উল্লেখ্য যে, নিজ বাহনেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে তেওঁক অনুসৰণ কৰি এখন বাহনত যোৱা তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে কলিয়াবৰৰ কাঞ্চনজুৰিত আগুচি ধৰে সত্যৰঞ্জন বৰাক ৷ ইয়াৰ পাছতে বিভিন্ন ভাবুকি দিয়াৰ লগতে হাতত চোকা অস্ত্ৰৰে বৰাক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে সত্যৰঞ্জন বৰাই ৷ উল্লেখ্য যে, শেহতীয়াকৈ “ ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ” শীৰ্ষক এখন গ্ৰন্থৰ জৰিয়তে বিতৰ্কৰ সূত্ৰপাত কৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰোষত পৰিছিল সত্যৰঞ্জন বৰা ৷ সেই সময়তে বিভিন্ন লোকে ফোন যোগে তথা সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকি দিছিল লেখক গৰাকীক ৷ সেই সময়ত তেনেদৰে ভাবুকি দিয়া কোনো ব্যক্তিয়েই এনে কাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সত্যৰঞ্জন বৰাই ৷