চামগুৰি,4 নৱেম্বৰঃবুধবাৰেনগাঁৱৰ চামগুৰিত দিন-দুপৰতে লোমহৰ্ষক ডকাইতী কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইকেৰে অহা চাৰিজনীয়া ডকাইতৰ দলে ৰাজপথতে লুটিলে আঢ়ৈ লক্ষাধিক টকা ভৰ্তি এটা বেগ।
উল্লেখযোগ্য যে, গ্ৰাহকে পৰিশোধ কৰা বিদ্যুতৰ বিলৰ ধন লৈ বেংকত জমা দিবলৈ গৈছিল APDCLৰ দুই কৰ্মচাৰী। সেই সময়তে ধন জমা দিবলৈ যোৱা গৃহৰক্ষীৰ মুৰত পিষ্টল থৈ টকাৰ বেগটো নিদিলে প্ৰাণে মৰাৰ ভাবুকি দি ডকাইতৰ দলটোৱে টকাৰ বেগটো লৈ পলায়ন কৰে।