ৰূপহীহাট,১৯ মে' : নগাঁও জিলাৰ বেবেজীয়া জামগুৰিত , জামগুৰি সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত আৰ্থিক আৰু সামাজিক কেতবোৰ কাৰণত বিয়াত বহিবলৈ অসমৰ্থ একাংশ লোকক একগোট কৰি সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰা হয় । বেবেজীয়াৰ সমীপৰ পূৱ জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰত এই বিবাহ কাৰ্যসূচীত স্থানীয়লোক সমবেত হৈ সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশৰ ।
নগাঁৱত একেলগে হোমৰ গুৰিত বহিল দহ গৰাকী দৰা -কইনা - জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰ
আৰ্থিক আৰু বিভিন্ন সামাজিক কাৰণত বিয়াত বহিবলৈ অসমৰ্থ একাংশ লোকক একগোট কৰি সামাজিক বিবাহ সম্পন্ন কৰা হয় নগাঁও জিলাৰ বেবেজীয়াৰ জামগুৰিত ।
শনিবাৰে খোল প্ৰসংগ,কীৰ্ত্তন পাঠ আৰু নাম প্ৰসংগৰ পাছত বিয়লিভাগত অঞ্চল'টোৰ পাঁচযোৰা দৰা-কইনাই হোম-যজ্ঞৰে যুগ্ম জীৱনৰ পাতনি মেলে । প্ৰায় এমাহযোৰা প্ৰস্তুতিৰ অন্তত জামুগুৰিৰ সাৰ্বজনীন শিৱ মন্দিৰত অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক উপস্থিত হৈ দৰা-কইনাক আৰ্শীবাদ দিয়া পৰিলক্ষিত হয় ৷ সমূহীয়া বিবাহৰ সমূহ বৈদিক কাৰ্যসূচী পৰিচালনা কৰে পূজাৰীদ্বয় লীলাম্বৰ নাথ আৰু খগেন নাথে । পূব জামুগুৰি সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ নাথ আৰু সম্পাদক দিলীপ কুমাৰ নাথৰ নেতৃত্বত উদ্যোক্তাসকলে অতিথি আপ্যায়নকে ধৰি সকলো আয়োজনেই কৰে । বিবাহস্থলীত দৰা-কইনাৰ অভিভাৱক উপস্থিত থাকি "কন্যাদান" কৰে । উল্লেখযোগ্য যে থান পৰিচালনা সমিতিৰ উদ্যোগত তৃতীয়বাৰৰ বাবে আয়োজিত হয় এই সমূহীয়া বিবাহ।পৰিচালনা সমিতিৰ এনে মহানতাক প্ৰশংসা কৰে সমূহ অঞ্চলবাসীয়ে ।