অসম

assam

ETV Bharat / state

ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ - মনোনয়ন গ্ৰহণ হোৱাৰ প্ৰমাণ পত্ৰ

ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডা:ছফিকুল ইছলামৰ বিৰুদ্ধে ভূৱা প্ৰচাৰ ৷ সমষ্টিবাসীক অপ প্ৰচাৰত ভুল নাযাবলৈ আহ্বান প্ৰাৰ্থীগৰাকীৰ ৷

ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ
ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ

By

Published : Mar 12, 2021, 3:26 PM IST

ৰূপহীহাট, 12 মাৰ্চঃমঙলবাৰে অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডা: ছফিকুল ইছলামে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছিল । মনোনয়ন পত্ৰ দাখিলৰ পাছত বুধবাৰে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ পৰা ডা: ছফিকুল ইছলামে মনোনয়ন গ্ৰহণ হোৱাৰ প্ৰমাণ পত্ৰও লাভ কৰে । ইয়াৰ পাছতো এচাম দুস্কৃতিকাৰীয়ে তেওঁৰ মনোনয়ন নাকচ হোৱা বুলি ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলায় । এনে ভুৱা প্ৰচাৰে ৰূপহীহাট সমষ্টিৰ সহজ সৰল ভোটাৰক বিভ্ৰান্ত কৰাৰ লগতে সমষ্টিৰ ভোটাৰসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ

অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডা: ছফিকুল ইছলামে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, এচাম দুস্কৃতিকাৰীয়ে তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । সমষ্টিটোত ডা: ছফিকুল ইছলামৰ জনপ্ৰিয়তা হেও প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে একাংশ দুস্কৃতিকাৰীৰ লগতে নিউজ পৰ্টেলেও তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে । লগতে এনে ভুৱা প্ৰচাৰত সমষ্টিবাসীক ভুল নাযাবলৈ আহ্বান জনায় অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডা: ছফিকুল ইছলামে ।

লগতে পঢ়কঃআমগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details