ৰহা, 17 এপ্ৰিল : লক ডাউনৰ মাজতে হেঁপাহৰ ৰঙালী বিহুটি ধৰি ৰখাৰ প্ৰয়াস কৰিছে ৰহাৰ এজাক কণমানিয়ে। শুকুৰবাৰে পুৱাৰ ভাগতে ৰহাৰ টোপাকুছিৰ কণমানিহঁতে ৰাজপথলৈ ওলাই আহি ঢোল-পেঁপা বজাই ৰজনজনাই তুলিলে ৰহাৰ চৌপাশ ।
ৰাজপথত ৰহাৰ কণমানিৰ বিহু পৰিৱেশন - ঢোল-পেঁপা
শুকুৰবাৰে ৰহাৰ কণমানিহতে ৰাজপথলৈ ওলাই আহি ঢোল-পেঁপা বজাই বিহু উপভোগ কৰা দেখা গ’ল ৷ সামাজিক দুৰত্ব বজাই ৰাখি উদযাপন কৰা বিহুত কণ কণ শিশুহতে কোভিড-19ক লৈ চিন্তিত হৈ পৰা ৰাইজৰ মনত সতেজতা অনাৰ প্ৰয়াস কৰে ৷
ৰাজপথত ৰহাৰ কণমানিৰ বিহু পৰিৱেশন
বিহুপ সাজ-পাৰ পিন্ধি সাজি কাচি ওলাই আহি বিহুৱাৰ লগত সহযোগ কৰিলে আৰু সামাজিক দুৰত্ব বজাই ৰাখি বিহু উদযাপন কৰিছে কণমানিহঁতে । তাৰোপৰি কণমানি কেইটিয়ে ঢোল-পেঁপা বজাই কোভিড-19ক লৈ নিষ্প্ৰভ হৈ পৰা মানুহৰ মনত সতেজতা অনাৰো প্ৰয়াস কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : কলিয়াবৰত কপিকূলক খাদ্য বিতৰণ দুই যুৱকৰ
Last Updated : Apr 17, 2020, 9:16 PM IST