অসম

assam

ভালুকজুৰি জলপ্ৰপাতলৈ যোৱা পথৰ দুৰৱস্থা

By

Published : Jun 16, 2021, 7:33 PM IST

কাজিৰঙা (Kaziranga)ত পৰ্যটনৰ বাবে নৱতম আকৰ্ষণৰ কেন্দ্ৰ হৈছে ভালুকজুৰি জলপ্ৰপাত (Bhalukjuri Waterfall) ৷ প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথটোৰে এজাক বৰষুণ দিলেই বোকাময় হৈ পৰে ।

road-towards-bhalukjuri-waterfall
পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ ভালুকজুৰি জলপ্ৰপাতৰ পথৰ দুৰৱস্থা

কলিয়াবৰ, 16 জুন :কাজিৰঙা (Kaziranga National Park)ত পৰ্যটনৰ বাবে নৱতম আকৰ্ষণৰ কেন্দ্ৰ হৈছে ভালুকজুৰি জলপ্ৰপাত (Bhalukjuri Waterfall) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (kaziranga national park)ৰ বাগৰি বনাঞ্চলৰ দাঁতি কাষৰীয়া কাৰ্বিপাহাৰৰ নামনিত অৱস্থিত ভালুকজুৰি জলপ্ৰপাত (Bhalukjuri Waterfall) ।

পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ ভালুকজুৰি জলপ্ৰপাতৰ পথৰ দুৰৱস্থা

ভালুকজুৰিৰ স্থানীয় কাৰ্বি নাম ’খক্-ভাম-লাংচু’ ৷ কাৰ্বি ভাষাত ’খক্-ভাম্’ মানে ভালুক আৰু লাংচু মানে জুৰি ৷ ভালুকজুৰি জলপ্ৰপাত (Bhalukjuri Waterfall)ৰ লগতে ইয়াৰ চৌদিশৰ নৌসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ দৈনিক দূৰ-দূৰণিৰ পৰা শতাধিক পৰ্যটকৰ আগমণ ঘটে ৷ কিন্তু পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰস্থল (Tourist Spot) ভালুকজুৰি জলপ্ৰপাত (Bhalukjuri Waterfall) লৈ যোৱা পথৰ বিধ্বস্ত অৱস্থাই স্থানীয় লোকৰ লগতে পৰ্যটকক জলাকলা খোৱাইছে ৷ অত্যন্ত ব্যস্তময় পথটো প্ৰকৃততে দেখিলে এইটো পথ নে পথাৰ একো ধৰিবই নোৱাৰি ।

পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ ভালুকজুৰি জলপ্ৰপাতৰ পথৰ দুৰৱস্থা

প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘৰ কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথটোৰে এজাক বৰষুণ দিলেই বোকাময় হৈ পৰে । পথটোৰে গাড়ী-মটৰ চাইকেল চলাই যোৱাটো দূৰৈৰ কথা, খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমৰ পৰ্যটনৰ কেন্দ্ৰ (Tourist Spot) হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে বিগত সময়ত বিভিন্ন অভিলাসী আঁচনিৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ ঢাকঢোল বজাই থকা সময়ত পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ (Tourist Spot) ভালুকজুৰি জলপ্ৰপাত (Bhalukjuri Waterfall)লৈ যোৱা পথটো মেৰামতিৰ নামত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অতি তাৎপৰ্যপূৰ্ণ ৷ স্থানীয় লোকে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো পকীকৰণৰ দাবী জনাইছে ৷

লগতে পঢ়ক :মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details