বৃহস্পতিবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ক্ষোভত ভাঙি পৰে বঢ়মপুৰৰ পুৰুষ-মহিলাসকল । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তেওঁৰ গৃহসমষ্টি বঢ়মপুৰৰ ননৈ বাদলগাৱঁৰ উন্নয়নৰ বাবে কোনো কাম নকৰাৰ অভিযোগ । গাঁৱখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ নিৰ্মাণত চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে অচল হৈ পৰা পথকেইটা পুনঃ নিৰ্মাণৰ লগতে গাঁৱখনত শেহতীয়াকৈ নিৰ্মিত হৈ থকা এটা পথটোক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ওপৰত বিতুষ্ট হৈৰাজপথলৈ ওলাই আহে গাঁৱখনৰ পুৰুষ-মহিলাসকল।
প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
বঢ়মপুৰত নিৰ্মিত হৈ থকা পথত কেলেংকাৰী , প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কেলেংকাৰীত জড়িত থকাৰ অভিযোগ বঢ়মপুৰবাসীৰ
প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰী হৈ থকাৰ সময়ত স্থানীয় ৰাইজে পথকেইটাৰ বিষয়ে অৱগত কৰিছিল যদিও মন্ত্ৰীগৰাকীয়ে কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উথ্থাপন কৰে গাঁৱবাসীয়ে । ইপিনে বঢ়মপুৰৰ ননৈ বাদলগাৱঁৰ এটা পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজভাগতে পথটোৰ কাম বন্ধ কৰি অন্য পথৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।