অসম

assam

ETV Bharat / state

অযোধ্যা নহয় এইবাৰ অসমত মন্দিৰ বিতৰ্ক, উত্তপ্ত নগাঁও - temple controversy in nagaon

পথ নিৰ্মাণৰ নামত শিৱ মন্দিৰ ভঙাক লৈ উত্তপ্ত নগাঁও চহৰ । দীৰ্ঘ সময় অৱৰোধ কৰিলে নগাঁও চহৰৰ এ টি ৰোড । প্ৰশাসনৰ তৎপৰতাত নিয়ন্ত্ৰণ পৰিস্থিতি ।

পথ নিৰ্মানৰ বাবে মন্দিৰ ভঙাক লৈ উত্তপ্ত নগাওঁ চহৰ

By

Published : Nov 19, 2019, 1:18 PM IST

নগাঁও , 19 নৱেম্বৰঃ শিৱ মন্দিৰ ভাঙি লণ্ড-ভণ্ড কৰাক লৈ মঙলবাৰে নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰাপ্ত তথ্য মতে, পথ নিৰ্মাণৰ সুবিধাৰ্থে পৰিচালনা সমিতিৰ সৈতে কোনো আলোচনা নকৰাকৈ বা স্থানীয় লোকক কোনো জাননী নিদিয়াকৈ নাহাটা নামৰ পথ নিৰ্মাণ সংস্থাটোৱে সোমবাৰে নিশা ভাঙি লণ্ড-ভণ্ড কৰিলে বাছ আস্থানৰ সমীপত অৱস্থিত এটা শিৱ মন্দিৰ ৷ মন্দিৰটোৰ পৰা বহু সামগ্ৰী লুটি নিয়াৰো অভিযোগ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে৷

ক্ষুব্ধ ৰাইজে নগাঁও চহৰৰ মাজেৰে যোৱা উজনিমুৱা ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ পথ অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰে শ শ যান বাহন ৷ পিছত প্ৰতিবাদস্থলীত নগাঁও সদৰ চক্ৰ বিষয়া পঞ্চমী চৌধুৰী আৰু উপ আৰক্ষী অধীক্ষক মানস শইকীয়া উপস্থিত হৈ ঠিকাদাৰ প্ৰতিষ্ঠানে লৈ যোৱা মন্দিৰৰ সকলো সামগ্ৰী ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত শাম কাটে উত্তপ্ত পৰিস্থিতিৰ৷

পথ নিৰ্মানৰ বাবে মন্দিৰ ভঙাক লৈ উত্তপ্ত নগাওঁ চহৰ
পথ নিৰ্মানৰ বাবে মন্দিৰ ভঙাক লৈ উত্তপ্ত নগাওঁ চহৰ

লগতে পঢ়কঃ প্ৰাদেশিকীকৰণ আৰু কিমান দেৰি? বিনা বেতনে অৱসৰ বহু শিক্ষকৰ !

ABOUT THE AUTHOR

...view details