অসম

assam

By

Published : Dec 22, 2020, 8:16 AM IST

ETV Bharat / state

চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা: আহত দুজন

চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা ৷ ডাম্পাৰ আৰু পাঞ্জাৱ বডি ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ গুৰুতৰভাৱে আহত হয় ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন ৷

road accident at chamaguri, nagaon
চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা: আহত দুজন

চামগুৰি, 22 ডিচেম্বৰ: নগাঁও চহৰৰ চামগুৰিৰ আমনিত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চহৰখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ ঘাইপথতে ৰৈ থকা এখন ডাম্পাৰত খুন্দা মাৰে পাঞ্জাৱ বডি ট্ৰাকে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন ৷ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে চালক আৰু হেণ্ডিমেনজনক ৷

চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা: আহত দুজন

উল্লেখ্য যে,ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰাৱস্থাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পূৰ্বতেও একে স্থানতে বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰাৱস্থাৰ বাবে ৷

লগতে পঢ়ক:নলবাৰীৰ কছুৱাত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

ABOUT THE AUTHOR

...view details