অসম

assam

ETV Bharat / state

কলং নদীৰ ভয়াবহ গৰাখহনীয়াত শংকিত ৰহাবাসী

ৰহাৰ কলং নদীৰ খহনীয়া অব্যাহত ৷ বানপানীৰ পিচত খহনীয়াই তাণ্ডৱ চলাইছে অঞ্চলটোত ৷ নিমাত জলসম্পদ বিভাগ ৷

River Erosion In Nagaon Raha
কলং নদীৰ ভয়াবহ গৰাখহনীয়াত শংকিত ৰহাবাসী

By

Published : Aug 19, 2020, 7:51 PM IST

ৰহা, 19 আগষ্ট : এফালে ক'ভিড-19 ৰ ত্ৰাস আৰু আনফালে গৰাখহনীয়া সমস্য়াই ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ ইতিমধ্যে খহনীয়াৰ কবলত পৰি ৰাজ্যৰ বহু পৰিয়ালৰ ঘৰ-মাটি নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে নগাঁও জিলাতো তীব্ৰ গৰাখহনীয়া অব্যাহত আছে ৷

জিলাখনৰ ৰহাৰ কলং নৈৰ ভয়াবহ খহনীয়াই ইতিমধ্য়ে কালৰূপ ধাৰণ কৰিছে ৷ কিছুদিন পূৰ্বে নামগাঁও অঞ্চলত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ পিচত পুনৰ কলং নৈয়ে উক্ত অঞ্চলত খহনীয়াৰ সৃষ্টি কৰাৰ পিচত বৰ্তমান অঞ্চলবাসী শংকিত হৈ পৰিছে ৷

কলং নদীৰ ভয়াবহ গৰাখহনীয়াত শংকিত ৰহাবাসী

ইতিমধ্যে এই খহনীয়াত ৰাজহুৱা শ্মশানও জাহ যোৱাৰ উপক্ৰম হৈছে ৷ যদিহে বৰ্তমানৰ নিচিনাকৈ খহনীয়া হৈ থাকে তেতিয়াহলে অচিৰেই উক্ত অঞ্চল কলঙৰ বুকুত জাহ যাব বুলি অঞ্চলবাসীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, তীব্ৰ গতিত অঞ্চলটোত খহনীয়া অব্যাহত থকাৰ পিচতো জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উখাপন হৈছে ৷ যাৰবাবে অঞ্চলবাসীয়ে অনতিপলমে গৰাখহনীয়া ৰোধ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ ফেডাৰেছনৰ

ABOUT THE AUTHOR

...view details