অসম

assam

By

Published : Jun 30, 2019, 2:49 PM IST

ETV Bharat / state

উন্মুক্ত মথাউৰিক লৈ শংকিত ৰহাৰ ৰাইজ

আজি পৰ্যন্ত মেৰামতি নহ'ল বহু মথাউৰি । উন্মুক্ত মথাউৰিক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । জনপ্ৰতিনিধিৰ বিৰুদ্ধে সোচ্চাৰ স্থানীয় ৰাইজ ।

উন্মুক্ত মথাউৰিক লৈ শংকিত ৰহাৰ ৰাইজ

বঢ়মপুৰ, 30 জুন : বাৰিষা আহিল কিন্তু আজি পৰ্যন্ত মেৰামতি নহ'ল বহু মথাউৰি । উন্মুক্ত মথাউৰিক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । নগাঁও জিলাৰ বৰপানী নৈয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত খহনীয়া সৃষ্টি কৰি তীব্ৰ সংকট নমাই আনিছে যদিও বৰ্তমানেও খহনীয়া প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থা নোলোৱাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে স্থানীয় ৰাইজ । নগাঁৱৰ ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ মাধৱপাৰাৰ পৰা জুৰিপাৰ পথৰ ভিন্ন ঠাইত বহুদিন ধৰি খহনীয়াই তীব্ৰ ৰূপ লৈ আহিছে যদিও কাণষাৰ নাই চৰকাৰ তথা স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ ৷

উন্মুক্ত মথাউৰিক লৈ শংকিত ৰহাৰ ৰাইজ
উল্লেখ্য যে, এই পথচোৱাত ঐতিহাসিক মাধৱ থানৰ উপৰি বিশ খনৰো অধিক গাঁৱৰ লোকে যাতায়ত কৰে এই পথৰে । দুটা বছৰ পূৰ্বে বিধায়ক ডিম্বেশ্বৰ দাসে জলসম্পদ বিভাগৰ বিষয়াক লৈ গৰখহনীয়া এলেকা পৰিদৰ্শন কৰিছিল যদিও প্ৰতিৰোধৰ নামত কেইডালমান বাঁহ পুতিয়েই দায়িত্ব সামৰিছিল বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details