কলিয়াবৰ, 13 ছেপ্তেম্বৰ: প্ৰায় তিনি কোটি টকাৰ অভিলাষী আঁচনিৰে হাতীমূৰাৰ মহিষ মৰ্দিনী দুৰ্গা মন্দিৰৰ সামগ্ৰিক উন্নয়নৰ আঁচনি গ্ৰহণ ৷ ন-ৰূপেৰে জিলিকি উঠিব শালস্তম্ভ যুগৰ কলিয়াবৰৰ লুইতৰ পাৰৰ হাতীমূৰাৰ মহিষ মৰ্দিনী দুৰ্গা মন্দিৰ ৷ অসমৰ ঐতিহ্য সুৰক্ষা, সংৰক্ষণ আৰু তদাৰকী অধিনিয়ম, ২০২০ যোৱা ২ ছেপ্তেম্বৰত গৃহীত হয় বিধানসভাৰ মজিয়াত ৷
এই অধিনিয়মৰ যোগেদি ৬ নং দফা সফলভাৱে ৰূপায়নৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ 6 নং দফাৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ দিশ আছিল অসমৰ ঐতিহ্য সংৰক্ষণ ৷ সেই ঐতিহ্য সংৰক্ষণৰ বাবে ইতিমধ্যে এখন আইন প্ৰণয়ন হৈছে ৷
সেই অধিনিয়মৰ যোগেদি কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা মহিষ মৰ্দিনী দুৰ্গা মন্দিৰৰ মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় তিনি কোটি টকাৰ এক বিশেষ অভিলাষী আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ অসম চৰকাৰৰ স্থাপত্য আৰু পুৰাতত্ব বিভাগৰ উচ্চ পদস্থ বিষয়াসহ এক প্ৰতিনিধিৰ দলে দেওবাৰে মন্ত্ৰী কেশৱ মহন্তৰ সৈতে হাতীমূৰা মন্দিৰ পৰিদৰ্শন কৰি অধিনিয়মৰ যোগেদি হ'বলগীয়া মেৰামতি, সৌন্দৰ্যবৰ্ধন আদি কেতবোৰ বিষয়ক লৈ আলোচনা কৰে ৷